হৃদয়ৰ সিপাৰে
ৰুমী কলিতা দত্ত
২ নং কেন্দুগুৰি,ডিব্ৰুগড়
মোৰ হৃদয়ৰ নজনা সিপাৰে
তোমাৰ নামেৰে এটা গীত শুনো
নিজান ৰাতিৰ মায়াবী এন্ধাৰত
অবুজ হিচাপবোৰ কৰি ৰাখোঁ ।।
তুমি যেন মোৰ হেৰুৱা বসন্ত,
দিঠকৰ মাজত লুকাই থকা
এটি নতুন সপোন।
তোমাৰ চকুৰ সিপাৰে দেখোঁ
অগাধ প্ৰেম হৃদয়ৰ
তাক জুকিয়াবলৈ জানানে মোৰ
শব্দৰে অভাৱ হয়।
যদি কাহানিবা বতাহজাক হঠাতে উত্তাল হয়,
জানিবা— সেয়া মোৰ উশাহৰে ব্যাকুলতা।
যদি হঠাতে ৰিমঝিম বৰষুণ পৰে,
জানিবা— সেয়া মোৰ হৃদয়ৰ
গোপন নিলিখা কবিতা।
হাতৰ মুঠিত ধৰি জোনাক
গোটোৱাৰ হেঁপাহ লৈ
কেৱল তোমাৰ সংগতে জন্ম-জন্মান্তৰ
জীয়াই থকাৰ আশা আছে বৈ
মোৰ সমগ্ৰ সত্তা আজি
তোমাৰ নামতেই সঁপি দিলোঁ।
তুমি মাথোঁ হবা মোৰ আটাইতকৈ আপোন
জিলিকি থাকিব হিয়াৰ দাপোন
তুমি মোৰ মাথোঁ মোৰ
আজন্ম প্ৰেমৰ বান্ধোন ।
