কৰ্মফল – দীপাংকৰ শইকীয়া

Pc Unsplash

অণুগল্পৰ শিৰোনাম 

কৰ্মফল

দীপাংকৰ শইকীয়া

হঠাৎ মনীষাই চিঞৰি উঠিল-দেউতা দেউতা মোৰ গাত মাটি পৰিছে, মই উশাহ ল’ব পৰা নাই দেউতা, মই উশাহ ল’ব পৰা নাই আজিৰ পৰা দুদিনৰ আগত ৰমেনে তাৰ দ্বিতীয় পত্নীৰ ককৰ্থনা সহ্য কৰিব নোৱাৰি প্ৰথম পত্নীৰ অন্ধ ছোৱালী জনীক জীয়াই জীয়াই গাত খান্দি পুতি পেলাইছিল আজি কিন্তু ৰমেনৰ দ্বিতীয় পত্নীয়ে চিঞৰি চিঞৰি কান্দোনত ভাগি পৰিছে -আপুনি মোক অকলশৰে এৰি তাইৰ ওচৰলৈ কিয় গুছি গ’ল।