আইনৰ সুৰুঙাত ৰঙা দলিচা – ৰামেশ্বৰ নাথ 

Pc StockCake

আইনৰ সুৰুঙাত ৰঙা দলিচা

ৰামেশ্বৰ নাথ 

জাতিটোৱে আজি
কাক বিশ্বাস কৰিব,
কাৰ ওপৰত আস্থা ৰাখিব ।
আইন আদালতৰ ওপৰত
নে ডিঙিৰ শিৰ, বুকু ফিন্দাই
দম্ভালি মৰা একাংশৰ ওপৰত ।
ৰাজনীতি বেয়া পোৱা মানুহজনক
ৰাজনীতিৰ বিষয় বস্তু কৰি
নিৰ্বাচনী বৈতৰণী পাৰ হ’ল ।
সময় অতিবাহিত হোৱাৰ লগে লগে
পানী নসৰকা স্বাৰ্চ্ছিত খনৰে
এতিয়া জলপ্ৰপাত বোৱ ধৰিছে ।
জাতিটোৰ বুকুৰ শোক
উপশম নহওঁতেই
মা দুৰ্গাৰ আশীষ বিচাৰি
অভিযুক্ত মহিষাসুৰৰ
এতিয়া মুক্ত আকাশৰ তলত
পদাৰ্পন ঘটিছে ।
দিন বাগৰিব এন্ধাৰ কোঠাৰ পৰা
বাকী অসুৰ সকলো ও
মুক্ত বিচৰণ কৰিব ।
দেৱীৰ আশীষত শক্তিশালী হৈ
আকৌ মৃত্যু যজ্ঞৰ
আয়োজন কৰিব ।
জাতিটোৱে এতিয়া
কাক বিশ্বাস কৰিব ?
মই, আমি,সকলো বুলি
নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ
সময়ত প্ৰলোভন দিয়া একাংশ
এতিয়া নিমাত কিয় ?
নে আইনৰ সুৰুঙাত
ৰঙা দলিচা পাৰি
স্বস্তিৰ নিশ্বাস পেলাইছে ।