চৰিত্ৰটি কোনোবাই গোপন বিজ্ঞাপনত বিক্ৰী কৰিছে – ৰিতু ভৰালী,যোৰহাট

Pc StockCake

চৰিত্ৰটি কোনোবাই গোপন বিজ্ঞাপনত বিক্ৰী কৰিছে

ৰিতু ভৰালী,যোৰহাট

শুনিছোঁ!
তেওঁলোকে বোলে আপোনাক
— এখন মঞ্চ দিব
আন্ধাৰত আপোনাক নেদেখি
— সেয়ে; পোহৰ দিব
বতাহৰ কোবত জাৰত কঁপি কঁপি ঠেৰেঙা লগা দেহটোক
ঠন ধৰিবলৈ
— আহাৰ দিব
এতিয়া আপুনি কথা ক’ব লাগে সেই চৰিত্ৰটোৰ দৰে
মঞ্চৰ তলৰ শ-শ জনৰ বাবে
কাৰণ আপোনাৰ নামতেই সংগ্ৰহ আজি লাখৰ ঘৰীয়া টকাৰ কাহিনী
শুনিছোঁ!
মাহজুৰি কৰ্ম আধৰুৱা কৰি হেঁপাহ পূৰাবলৈ অহা চৰিত্ৰটি
কোনোবাই গোপন বিজ্ঞাপনত বিক্ৰী কৰিছে
হাজাৰ টকাৰ বিনিময়ত
কিনা-নিকিনা আপোনাৰ কথা।
শুনিছোঁ!
তেওঁলোকে বোলে আপোনাক
— এখন মঞ্চ দিব