মানৱতাৰ বন্তি – ৰশ্মি ৰেখা দুৱৰা

Pc Unsplash

মানৱতাৰ বন্তি

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

সুখ-দুখ পাহৰি
প্ৰতিদিনে সমাজৰ বাবে কৰ্ম কৰে,
মানৱতাৰ বন্তি জ্বলাই আগুৱাই যাব খোজে।
দুখীয়াৰ চকুৰ পানী মচিবলৈ
কৰে আপ্ৰাণ চেষ্টা।
প্ৰচণ্ড ধুমুহা আহিলেও থমকি নৰয়,
আশাহীন মনত আশাৰ বাট দেখুৱাবলৈ
নিৰ্ভয়ে আগুৱাই আহে।
সহায় কৰাই তেওঁৰ মূল উদ্দেশ্য
কথা কম, কাম বেছি।
নিস্বাৰ্থভাৱে কাম কৰোঁতে
অনেক সমস্যাৰ মুখামুখি হয়,
তথাপিও থমকি ৰ’ব নোখোজে।
মানৱসেৱাই তেওঁৰ জীৱনৰ একমাত্ৰ সংকল্প
মানুহৰ কল্যাণেই তেওঁৰ সাধনা
তেওঁৰ ত্যাগ আৰু সেৱাতেই
সমাজ হয় সমৃদ্ধিশালী।
সময়ৰ কাম সময়তে কৰি
দ্ৰুতগতিত আগুৱাই যায়।
মানৱৰূপী ভগৱানজন
মানৱসেৱাত কেতিয়াও ভাগৰি নপৰে,
মানৱতাৰ জয়গান গাই মানুহৰ হৃদয় জিনে।
মানৱৰূপী ভগৱান এজন নহয়,
হাজাৰজনৰ প্ৰয়োজন আছে;
এনে সমাজসেৱকেই সমাজৰ প্ৰকৃত গৌৰৱ,
মানুহৰ বাবে জীয়াই থকাই
জীৱনৰ সঁচা অৰ্থ।
তেওঁলোকৰ আদৰ্শতেই জাগি উঠক মানৱতা
সেৱাৰ পোহৰেৰে আলোকিত হওক সমাজ
আগুৱাই যাওক নৱপ্ৰজন্ম
মানৱতাৰ পবিত্ৰ পথত।