এখন ধুনীয়া ছবি
ৰুমী কলিতা দত্ত
২ নং কেন্দুগুৰি,ডিব্ৰু
এই যে ধুনীয়া ধুনীয়া ছবিবোৰ দেখিছা
মই আচলতে তেনেকুৱা নহয়
আমাৰ দৰে মানুহে কৃত্ৰিম প্ৰলেপ সানি
নসজাই নিজৰ দেহা।
সেই যে দেখিছা ৰূপৱতী নাৰী
সেইগৰাকী মই নহ’বও পাৰোঁ
শৰীৰৰ অংগবোৰ সজাই পৰাই চহকী নগৰত ভুমূকি মৰাৰ বৃথা চেষ্টা
তথাপিও মন যায় দিয়া…।
মুখত যদিও দেখিছা মিচিকি হাঁহি
বুকুৰ ভিতৰখন হ’বতো পাৰে
অসহ্য যন্ত্ৰণাত থকা-সৰকা !
হাঁহিবোৰ মোৰ মুখৰ মুখা,
যিয়ে ঢাকি ৰাখে
অন্তৰৰ ভাঙি পৰা শব্দবোৰৰ শিখা ।
কেতিয়াবা আটাইতকৈ উজ্জ্বল ছবিৰ
পিছফালে লুকাই থাকে আন্ধাৰ কাহিনী।
মানুহে কেৱল ৰংবোৰহে দেখে,
ৰং সানি লোৱা বিষাদৰ
সিক্ত বুকুখন কোনেও নেদেখে ।
বাহিৰৰ কৃত্ৰিম পোহৰে
বুকুৰ ভিতৰৰ নিজান অন্ধকাৰখিনিক
কেতিয়াও ঢাকিব নোৱাৰে,
সজাই থোৱা ৰূপটো সঁচা নহ’বও পাৰে
নীৰৱে চকুৰ পানী নিগৰিব ধৰে ।
অকাৰণ হাঁহিৰ আঁৰত থাকিব পাৰে
অসহ্য যন্ত্ৰণাৰ নিঃশব্দ চিঞৰ
পৃথিৱীক দেখুৱাবলৈ ৰূপৰ মেলা
অথচ নিজৰ ওচৰতেই
আমি নিঃস্ব আৰু অকলশৰীয়া।
