অথচ…  – শ্বাহিনশ্বাহ

Pc StockCake

অথচ…

শ্বাহিনশ্বাহ
লক্ষীপুৰ, গোৱালপাৰা

মাজনিশা! 
এটি নক্ষত্ৰ চুৰ কৰি 
জেপত সুমুৱাই 
মই লুকাইছিলোঁ 
কল্পনাৰ ৰঙীন জগতত। 
 
এটি কৃষ্ণগহ্বৰ 
তেতিয়াও সাৰে আছিল। 
 
মই ধৰা পৰিছিলোঁ। 
মোক উপহাৰ হিচাপে 
দিয়া হৈছিল এটি শাস্তি— মৃত্যু! 
 
সময়ৰ ডিঙি, ভৰি বিষাইছিল, 
উভতি চাবও নোৱাৰিছিল, 
যাবও নোৱাৰিছিল 
বিষাক্ত অতীতলৈ । 
মই লিখিবলৈ বিচাৰিছিলোঁ 
এটি পৱিত্ৰ বেলিফুলৰ 
প্ৰেমৰ কাহিনী। 
 
অথচ ব্যৰ্থ হৈ পৰিলোঁ…