অক্টোবৰত ১৫০০ টকাকৈ পাব ‘অৰুণোদয়’ৰ ধন

অক্টোবৰত ১৫০০ টকাকৈ পাব ‘অৰুণোদয়’ৰ ধন

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয় । অৰুণোদয়ৰ ধন বৃদ্ধি, সকাহ, ঔদ্যোগিক খণ্ডক সমর্থনেৰে ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে এলানি গুৰুত্বপূর্ণ সিদ্ধান্ত।  কেবিনেটে অক্টোবৰ মাহত অৰুণোদয় হিতাধিকাৰীৰ বাবে আগবঢ়ালে পূজাৰ উপহাৰ। কেবিনেটে অৰুণোদয় হিতাধিকাৰীক অক্টোবৰ মাহত ১,২৫০ টকাৰ পৰিৱৰ্তে ১,৫০০ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেবিনেট সিদ্ধান্ত সলনি কৰি এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়- দুর্গাপূজা উপলক্ষে চৰকাৰে অৰুণোদয় হিতাধিকাৰীসকলক অক্টোবৰ মাহত ১,৫০০ টকাকৈ দিয়াৰ বাবে আজি সিদ্ধান্ত গ্রহণ কৰে। সাধাৰণতে অৰুণোদয় হিতাধিকাৰীসকলে প্রতিমাহে ১,২৫০ টকাকৈ লাভ কৰে। দুর্গাপূজা উদযাপনৰ বাবে অক্টোবৰ মাহৰ ধনৰাশি ১,৫০০ টকাকৈ বৃদ্ধি কৰি মুকলি কৰি দিয়া হ’ব। অৰুণোদয় মাতৃসকলৰ বাবে এয়া হ’ব পূজাৰ উপহাৰ। অক্টোবৰ মাহৰ পৰৱৰ্তী মাহসমূহত পূৰ্বৰ দৰেই অৰুণোদয়ৰ ধন ১,২৫০ টকাই থাকিব। অৱশ্যে অহা এপ্রিল মাহত ব’হাগ বিহু উপলক্ষে আন এক উপহাৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব। কেবিনেট সিদ্ধান্ত সলনি কৰি মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে যে কেবিনেটে অক্টোবৰ মাহৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক প্রতি কিলোগ্রামত ৩০ টকা হাৰত ৰাজসাহায্যযুক্ত চেনি যোগান ধৰাৰ সিদ্ধান্ত গ্রহণ কৰে। ইয়াৰ ফলত অক্টোবৰ মাহত হিতাধিকাৰীসকলে এক কেজিকৈ মচুৰ দাইল আৰু চেনি ১০০ টকাতে লাভ কৰিব। পূৰ্বে চেনি আৰু দাইলৰ মূল্য ১০৫ টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও চেনিৰ মূল্য হ্রাস পোৱা বাবে হিতাধিকাৰীসকলে এতিয়া সুলভ মূল্যৰ দোকানৰ পৰা ১০০ টকাতে এক কেজি চেনি আৰু দাইল লাভ কৰিব। ৰাজ্যিক কেবিনেটে মুঠ ৭৯৬.৮৮ কোটি টকা ব্যয়সাপেক্ষে অসম বহনক্ষম জলাহভূমি আৰু সংহত মীনপালন ৰূপান্তৰ (এছডব্লিউআইএফটি) প্রকল্প ৰূপায়ণত অনুমোদন জনায়। মুঠ ব্যয়ৰ ভিতৰত এছিয়ান ডেভেলপমেন্ট বেংকৰ ঋণৰ পৰিমাণ ৬৩৭.৫০৪ কোটি টকা আৰু অসম চৰকাৰৰ অংশ হ’ব ১৫৯.৩৭৬ কোটি টকা। এই প্ৰকল্পৰ অধীনত অতি কমেও ১০২টা পৰিত্যক্ত সামূহিক বিলৰ পুনৰুদ্ধাৰৰ কাম হাতত লোৱা হ’ব। কেবিনেটে আজি গুৱাহাটীৰ উলুবাৰীত ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ মছলা পৰিষদ (স্পাইচ ব’ৰ্ড)ৰ অত্যাধুনিক পৰীক্ষাগাৰ আৰু আনুষংগিক আন্তঃগাঁথনি নির্মাণত অনুমোদন জনায়। এই ব্যৱস্থাৰ অধীনত কৃষি বিভাগে লোকনির্মাণ (গৃহ) বিভাগৰ সৈতে সমন্বয়েৰে পৰিষদৰ নিৰ্দিষ্ট প্রয়োজন অনুসৰি ভৱনটো নিৰ্মাণ কৰিব। কেবিনেটে আজি কেন্দ্রীয় খণ্ডৰ আঁচনি- কৃষি আন্তঃগাঁথনি পুঁজি (এআইএফ) ৰ অধীনত অসমত কৃষক বা কৃষি উদ্যমীয়ে আদায় দিবলগা ধনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজ্যিক বিত্তীয় সাহায্য সম্পর্কীয় নির্দেশনাৱলী আৰু ইয়াৰ আনুষংগিক বিত্তীয় ব্যৱস্থাত অনুমোদন জনায়। সেইমর্মে এফটিঅ’, এফটিচি, পিএচিএছ আৰু সমবায় সমিতিসমূহৰ বাবে বাধ্যতামূলক ১০ শতাংশ প্রম’টাৰৰ অংশীদাৰী মূলধনৰ সম্পূৰ্ণ পৰিমাণ অসম চৰকাৰে বহন কৰিব। আনহাতে ব্যক্তিগত হিতাধিকাৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৫ শতাংশ বহন কৰিব আৰু হিতাধিকাৰীয়ে অৱশিষ্ট ৫ শতাংশ বহন কৰিব। আজিৰ কেবিনেট বৈঠকে ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ১৬৬গৰাকী মাষ্টাৰৰোল, কেজুৱেল আৰু ফিক্সড পে’ কৰ্মচাৰীক দৰমহাৰ স্কেলৰ ন্যূনতম হাৰ প্ৰদানত অনুমোদন জনায়। কেবিনেটে আজি আত্মসহায়ক গোটৰ মহিলা সদস্যাসকলৰ আধাৰ পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ সুবিধার্থে এক বিশেষ সুবিধা প্রদানত অনুমোদন জনায়। এই বিশেষ সুবিধাৰ আধাৰত আত্মসহায়ক গোটৰ যিসকল মহিলা সদস্যাই এতিয়ালৈকে আধাৰ পঞ্জীয়ন কৰা নাই, তেওঁলোকে অহা বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰিব পাৰিব। কেবিনেট বৈঠকত অসমত জে কে লক্ষ্মী চিমেন্ট লিমিটেডৰ ১১,০০০ কোটি টকাৰ প্রস্তাবিত বিনিয়োগেৰে এটা ক্লিংকাৰ মেনুফেকচাৰিং ইউনিট আৰু ইয়াৰ সৈতে সংলগ্ন চাৰিটা চিমেন্ট গ্রাইডিং ইউনিট স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। আনহাতে কেবিনেটে  কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূব ৰূপান্তৰকাৰী উদ্যোগীকৰণ আঁচনি (ইউএনএনএটিআই) ২০২৪ৰ মূল বিধান অনুসৰি যোগ্যতা থকা কিন্তু চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ বৰ্ধিত সময়সীমাৰ ভিতৰত উক্ত আঁচনিৰ অধীনত পঞ্জীয়ন কৰিব নোৱাৰা অসমৰ নির্মাণ খণ্ডত উদ্যোগসমূহৰ বাবে ৰাজ্যিক মূলধনী বিনিয়োগত ৰাজসাহায্য প্রদানত অনুমোদন জনায়। কেবিনেটে আজি শ্রীভূমি জিলাৰ পাথাৰকান্দিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে প্রতাপগড়ত ২৫৬ বিঘা ভূমি কৃষি বিভাগৰ নামত আবণ্টনত অনুমোদন জনায়। কেবিনেটে আজি কামৰূপ জিলাত এক ঔদ্যোগিক ক্ষেত্ৰ স্থাপনৰ বাবে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পূব বংশৰ মৌজাৰ নিজ-গন্ধমৌ গাঁৱৰ ২৫৪নং দাগৰ ৫০৪ বিঘা ভিজিআৰ ভূমি সংৰক্ষণমুক্তকৰণৰ জৰিয়তে আবণ্টন দিয়াত অনুমোদন জনায়। ইয়াৰ পৰিৱৰ্তে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম বংশৰ মৌজাৰ ৫০৪ বিঘা চৰকাৰী ভূমি ভিজিআৰ হিচাপে সংৰক্ষণৰ অনুমোদন জনোৱা হৈছে। যাতে সংৰক্ষণমুক্ত কৰাৰ সমপৰিমাণৰ চৰকাৰী ভূমি ভিজিআৰ হিচাপে সংৰক্ষণ হৈ থাকে। কেবিনেটে সমগ্র অসমত বাধ্যতামূলক পঞ্জীয়নৰ বাবে এক সার্বজনীন প্রক্রিয়াগত কাঠামো স্থাপনৰ উদ্দেশ্যে অসম মুছলিম বিবাহ পঞ্জীয়ন (বাধ্যতামূলক) বিধি-২০২৬ত অনুমোদন জনায়। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে আজি কেবিনেটে অসম মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশান বল দুহেজাৰ ছাব্বিশ গৃহীত কৰিছে। ইয়াৰ দ্বাৰা সাধাৰণ ৰেজিষ্টাৰসকলৰ লগতে ইছলাম ধর্মাবলম্বী লোকসকলেও নিজৰ নিজৰ বিবাহ ৰেজিষ্টাৰ কৰিবলৈ সুবিধা পাব। চৰকাৰৰ যি ব্যৱস্থা ইমান দিনে নাছিল, এতিয়া তেওঁলোকে সেই সুবিধা লাভ কৰিব পাৰিব।