লণ্ডনত মহা সমাৰোহেৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮সংখ্যক জন্মজয়ন্তী উদযাপন::
নাম-প্ৰসংগ, বৰগীত, সত্ৰীয়া নৃত্য আদিৰে শাৰদীয় পৰিৱেশ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বাহিৰত থাকিও অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াসেৰে সুদূৰ লণ্ডনৰ কিংছ লেংলীত যুক্তৰাজ্য অসম সাহিত্য সভাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮সংখ্যক জন্মজয়ন্তী মহা সমাৰোহেৰে উদযাপন কৰা হয়। যুক্তৰাজ্যত বসবাস কৰা প্ৰবাসী অসমীয়াৰ লগতে কেইবাগৰাকীও অনা-অসমীয়া লোকৰ উপস্থিতিত অনুষ্ঠানস্থলী এক নামঘৰসদৃশ পৰিৱেশলৈ ৰূপান্তৰিত হয়। নাম-প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে শাৰদীয় পৰিৱেশ।সভাৰ সভাপতি গীতা বৰুৱাই উপস্থিত অতিথি আৰু ভকত-বৈষ্ণৱসকলক আদৰণি জনোৱাৰ পাছতে মঞ্জিৰা চৌধুৰীয়ে নাম-প্ৰসংগৰ শুভাৰম্ভ কৰে। অসমৰ পৰা আমন্ত্ৰিত অতিথি জীনা ৰাজকুমাৰীৰ নাম-প্ৰসংগৰ পাছত দিলীপ বৈশ্য, লাহৰী বৰঠাকুৰ, নিৰলা বৰুৱা আৰু ভৱানী কাকতিয়ে উপস্থিত ভকতসকলৰ সৈতে নাম-কীৰ্তনত অংশগ্ৰহণ কৰে। ড০ তৰুণ চৌধুৰীৰ বৰ তাল আৰু ঋষি চৌধুৰীৰ নাগাৰা বাদনে নাম-প্ৰসংগৰ পৰিৱেশ অধিক প্ৰাণৱন্ত কৰি তোলে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ হিন্দু অধ্যয়নৰ সহকাৰী অধ্যাপক ড০ অংকুৰ বৰুৱাৰ উপস্থিতি আৰু বক্তৃতা প্ৰদান কৰে। ‘শংকৰদেৱৰ লিখনিত ভগৱান এজন শুদ্ধ হৃদয়ৰ বন্ধু’ শীৰ্ষক বক্তৃতাত তেওঁ গুৰুজনাৰ ৰচনাত প্ৰতিফলিত ভগৱানৰ প্ৰতি গভীৰ প্ৰেম, ভগৱান আৰু ভক্তৰ মাজৰ সম্পৰ্ক তথা ভক্তসকলৰ মাজত থকা অনুৰাগ আৰু নিস্বাৰ্থ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। ষোড়শ শতিকাতে গুৰুজনাই বৰগীতৰ মাধ্যমেৰে ভগৱানৰ সৈতে কেনেদৰে আত্মিক সম্পৰ্ক স্থাপন কৰিব পাৰি, সেই শিক্ষা প্ৰদান কৰিছিল বুলিও তেওঁ উল্লেখ কৰে। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান গীতুৎপল্লা বৰদলৈৰ শ্লোকপাঠ আৰু সমবেত সংগীতেৰে আৰম্ভ হয়। অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ আছিল ‘লৱণু চোৰ’ নৃত্য-নাটিকা। দ্বিতীয় প্ৰজন্মৰ প্ৰিতিশা লহকৰ আৰু তৃতীয় প্ৰজন্মৰ সাত বছৰীয়া জেইমছ কাকতি তথা যশোৱা চিকদাৰে নৃত্য পৰিৱেশন কৰি দৰ্শকৰ প্ৰশংসা বুটলে। ভানুশ্ৰী মেধিয়ে নৃত্য-নাটিকাখন পৰিচালনা কৰে।ইয়াৰ উপৰি বিস্তৃীনা আৰু গৌৰী গোস্বামীয়ে সত্ৰীয়া আৰু দশাৱতাৰ নৃত্য পৰিৱেশন কৰে। মনালিচা দাস তালুকদাৰ আৰু ছন্দমিতা শৰ্মাই বৰগীত পৰিৱেশন কৰাৰ লগতে ঋষি চৌধুৰীৰ খোল বাদনৰ সহযোগত ৰশ্মি ভৰালীয়েও এটি বৰগীত পৰিৱেশন কৰে। নিৰলা বৰুৱাই গুৰুজনাৰ ‘কৰতল কমল’ পদৰ প্ৰসংগৰে নিজৰ স্বৰচিত ‘শৰতৰ পৰশ’ কবিতাটো আবৃত্তি কৰে। আমন্ত্ৰিত অতিথি জীনা ৰাজকুমাৰীয়েও দিহানাম, বৰগীত আৰু লোকগীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে। জাহ্নৱী গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত অনুষ্ঠানৰ সামৰণি পৰে। শেষত আয়োজিত জয়ন্তী ভোজনেৰে দিনজোৰা কাৰ্যসূচীৰ সমাপ্তি ঘটে। প্ৰবাসৰ মাটিত গুৰুজনাৰ আদৰ্শ, অসমীয়া ভাষা-সংস্কৃতি আৰু সত্ৰীয়া পৰম্পৰা নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যুক্তৰাজ্য অসম সাহিত্য সভাৰ এই উদ্যোগে বিশেষ তাৎপৰ্য বহন কৰিছে।
