মন্থন – আৰিফ আলি

Pc StockCake

মন্থন

আৰিফ আলি

আজি কালি ভাল নলগা হৈছে আদ্দা,
ভাল নলগা হৈছে নিশাৰ যাত্ৰা ।
ভাল ‌ লগা হৈছে নিজৰ কক্ষৰ নিৰ্জনতা।
সলনি হৈছে জীৱনৰ
বহু কথা ,
আজি কালি শুই উঠা হৈছে সোনকাল ।
দায়িত্বৰ তাগিতাত কিন্তু
নিশা শুৱাটো আজিও দেৰি হয়টো …?
আজি কালি কথা ক’বলৈ
এৰি দিছো ।
কোনবাই কিবা কলে
শুনিবলৈ এৰিছো, শুনিলেও
চিন্তা কৰিবলৈ এৰিছো ।
ক্ৰমত সংখ্যাটো কমাই দিছো ।
আজি কালি ক’বলৈ এৰিছো ।
আজি কালি শুনিবলৈ এৰিছো ।
আজি কালি চিন্তা কৰিবলৈ এৰিছো ।
আজি কালি চাবলৈ শিকিছো ।
চিনিবলৈ জানিছো ।।‌