বৌদ্ধিক উত্তৰণত গ্ৰন্থমেলাৰ প্ৰাসংগিকতা আৰু বৰ্তমান প্ৰজন্মৰ ভূমিকা
জ্যোতিমণি মাহত্ব,
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ
স্নাতক তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী
গ্ৰন্থমেলা কেৱল কিতাপ ক্ৰয়-বিক্ৰয়ৰ এক ব্যৱসায়িক থলী নহয়, ই হ’ল এটা জাতিৰ বৌদ্ধিক জাগৰণ, মানসিক উত্তৰণ আৰু সাংস্কৃতিক মিলনৰ মহোৎসৱ। চকুৰ সন্মুখত হাজাৰ হাজাৰ কিতাপৰ সমাহাৰে এজন সাধাৰণ মানুহৰ মনতো কিতাপ পঢ়াৰ অনুৰাগ জগাই তুলিব পাৰে। আজিৰ ডিজিটেল বিপ্লৱ, য’ত চচিয়েল মিডিয়া আৰু মোবাইল ফোনৰ স্ক্ৰীণে মানুহৰ চিন্তা -চৰ্চা কৰাৰ ক্ষমতা সীমিত কৰি আনিছে, তেনে সময়ত গ্ৰন্থমেলাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা বহু পৰিমাণে বৃদ্ধি পাইছে।গ্ৰন্থমেলাই সমাজত এক সুস্থ পঠন সংস্কৃতি গঢ়ি তোলে। গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হোৱা বিভিন্ন আলোচনাচক্ৰ, কবি সন্মিলন, সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যসূচীসমূহে সমাজ এখনক নতুন বৌদ্ধিক খোৰাক যোগায় আৰু সাম্প্ৰতিক বিষয়সমূহৰ ওপৰত এক সুস্থ জনমত গঠনত বিশেষ সহায় কৰে।থলুৱা ভাষা, কলা আৰু ইতিহাসক বিশ্বৰ পাঠকৰ ওচৰত চিনাকি কৰাই দিয়াৰ বাবে গ্ৰন্থমেলা এক অনন্য আৰু শক্তিশালী মঞ্চ।”কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে”— শিল্পী জুবিন গাৰ্গৰ এই মন্তব্য কেৱল এটা সাময়িক বাক্য নহয়, বৰঞ্চ ই অসমীয়া জাতিৰ সাংস্কৃতিক আৱেগ আৰু বৌদ্ধিক জড়তাৰ ওপৰত এক প্ৰচণ্ড আঘাত। গামোছা আমাৰ জাতীয় স্বাভিমানৰ প্ৰতীক, কিন্তু এটা জাতিৰ অস্তিত্ব কেৱল প্ৰতীকী চেনেহ বা আৱেগেৰে কেতিয়াও জীয়াই থাকিব নোৱাৰে।যদিহে সেই জাতিটোৰ চিন্তা আৰু মননশীলতা আধুনিক বিশ্বৰ সৈতে খোজ মিলাব পৰাকৈ চহকী নহয়। বৰ্তমানৰ ডিজিটেল মাধ্যমৰ সময়ত আমাৰ জাতীয় জীৱনত গ্ৰন্থমেলা আৰু পঠন সংস্কৃতিৰ প্ৰয়োজনীয়তা পূৰ্বতকৈ বহু পৰিমাণে বৃদ্ধি পাইছে। গ্ৰন্থমেলাই সমাজত এক সুস্থ পঠন পৰিৱেশ গঢ়ি তোলে, য’ত কেৱল কিতাপৰে আদান-প্ৰদান নহয়, বৰঞ্চ বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিন্তা-চেতনাৰো উন্মেষ ঘটে। ক’ত পিছপৰিছে আমাৰ গ্ৰন্থমেলা? জনপ্ৰিয়তা বৃদ্ধিৰ সমান্তৰালভাৱে বৰ্তমান সময়ত আমাৰ গ্ৰন্থমেলাসমূহৰ কিছুমান দিশক লৈ গঠনমূলক সমালোচনাৰ অৱকাশ নিশ্চয় আছে। বৰ্তমান গ্ৰন্থমেলাসমূহ কিতাপৰ পবিত্ৰ উৎসৱ হোৱাতকৈ খাদ্য বা অন্যান্য কস্মেটিক্সৰ দৰে বাণিজ্যিক বিপণীৰ এক কোলাহলপূৰ্ণ জনসমুদ্ৰলৈ ৰূপান্তৰিত হোৱাৰ প্ৰৱণতা দেখা গৈছে। গ্ৰন্থমেলাৰ মূল মৰ্যাদা আৰু বৌদ্ধিক পৰিৱেশটো ৰক্ষা কৰাটো আয়োজকসকলৰ প্ৰধান দায়িত্ব হোৱা উচিত। ইয়াৰ উপৰিও বজাৰকেন্দ্ৰিক জনপ্ৰিয়তাৰ আশাত বহু সময়ত সস্তীয়া আৰু নিম্ন মানদণ্ডৰ সাহিত্যৰ প্ৰসাৰ ঘটা দেখা যায়। প্ৰকাশকসকলে কেৱল লাভৰ অংক নকৰি কিতাপৰ গুণগত মান আৰু বিষয়বস্তুৰ গভীৰতাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। সমান্তৰালভাৱে, আধুনিক প্ৰযুক্তিৰ সৰ্বাত্মক প্ৰয়োগৰ যুগত আমাৰ গ্ৰন্থমেলাসমূহে এতিয়াও পুৰণি পদ্ধতিকে খামুচি ধৰি আছে। ই-বুক, অডিঅ’ বুক বা ডিজিটেল কেটেলগৰ দৰে ব্যৱস্থাসমূহ বিপণিবোৰত এতিয়াও সুলভ নোহোৱাটো এক চিন্তণীয় দিশ। এই সমগ্ৰ ব্যৱস্থাটোৰ সংস্কাৰ আৰু গ্ৰন্থমেলাৰ ভৱিষ্যত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আমাৰ নৱপ্ৰজন্মৰ ওপৰত। আজিৰ যুৱপ্ৰজন্মই কেৱল গ্ৰন্থমেলা ফুৰিবলৈ গৈ ‘ফটো’ তোলা বা মনোৰঞ্জনতে নিজকে সীমাবদ্ধ নাৰাখি এগৰাকী সচেতন পাঠক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব লাগিব। নৱপ্ৰজন্মই চচিয়েল মিডিয়াক কিতাপৰ প্ৰচাৰৰ এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে। কিতাপ পঢ়ি তাৰ বস্তুনিষ্ঠ সমালোচনা বা পৰ্যালোচনা বিভিন্ন ফেচবুক, ইনষ্টাগ্ৰাম পেজ বা ইউটিউব চেনেলৰ জৰিয়তে প্ৰসাৰ কৰিলে আন বহুজনৰ মনতো পঢ়াৰ স্পৃহা জাগিব। কেৱল বছৰেকীয়া গ্ৰন্থমেলাৰ দিনকেইটাতে কিতাপৰ চৰ্চা আৱদ্ধ নাৰাখি নিজ নিজ অঞ্চলত সৰু সৰু ‘বুক ক্লাব’ বা অধ্যয়ন চক্ৰ গঢ়ি তুলিব লাগিব। একেদৰে বৰ্তমানৰ যুৱ লেখকসকলেও বিজ্ঞান, বিশ্ব ৰাজনীতি, পৰিৱেশ আৰু আধুনিক প্ৰযুক্তিৰ দৰে নতুন তথা প্ৰত্যাহ্বানমূলক বিষয়সমূহক লৈ সৃষ্টিশীল লিখনি হাতত লোৱা উচিত, যাৰ দ্বাৰা অসমীয়া সাহিত্যৰ ভঁৰাল আধুনিক বিশ্বৰ উপযোগী হৈ চহকী হ’ব। গ্ৰন্থমেলা হ’ল সমাজ এখনৰ প্ৰকৃত আইনা। ইয়াৰ সফলতা কেৱল কেইবা কোটি টকাৰ কিতাপ বিক্ৰী হোৱাটোৱেই প্ৰমাণ নকৰে, বৰঞ্চ ই সমাজখনক কিমান দূৰ জ্ঞানৰ পোহৰ দিলে সেয়াহে আটাইতকৈ গুৰুত্বপূৰ্ণ। নৱপ্ৰজন্মই কিতাপৰ সুবাস বুকুত বান্ধি ইয়াৰ ত্ৰুটিসমূহ সংস্কাৰ কৰিবলৈ আগবাঢ়ি আহিলেহে গ্ৰন্থমেলাৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব।জুবিন গাৰ্গৰ সতৰ্কবাণীক সাৰোগত কৰি নৱপ্ৰজন্মই জাতীয় স্বাভিমান গামোছাখনক বুকুত আৰু কিতাপৰ সুবাসক মন তথা মগজুত বান্ধি আগবাঢ়ি আহিব লাগিব। জ্ঞানহীন আৱেগিক জাতি এটা সদায় দুৰ্বল, কিন্তু জ্ঞানেৰে সশস্ত্ৰ এটা জাতিক কোনেও কেতিয়াও ধ্বংস কৰিব নোৱাৰে। কিতাপ পঢ়াৰ জৰিয়তে সমাজৰ ত্ৰুটিসমূহ সংস্কাৰ কৰিবলৈ নৱপ্ৰজন্ম আগবাঢ়ি আহিলেহে গ্ৰন্থমেলাৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব আৰু এটা শক্তিশালী বৌদ্ধিক জাতি হিচাপে আমি বিশ্বদৰবাৰত থিয় দিব পাৰিম।
