মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বানপীড়িত লোকৰ সহায়ৰ বাবে ভৰতীয় জীৱন বীমা নিগমৰ এক কোটি টকাৰ সাহায্য

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বানপীড়িত লোকৰ সহায়ৰ বাবে ভৰতীয় জীৱন বীমা নিগমৰ এক কোটি টকাৰ সাহায্য

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যখনত শেহতীয়াকৈ হোৱা বানপানীত সৰ্বহাৰা হোৱা লোকসকলৰ সহায়ৰ বাবে ভাৰতীয় জীৱন বীমা নিগম চমুকৈ এল আই চিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১(এক) কোটি টকাৰ অনুদান আগবঢ়াইছে। এই অনুদানৰ চেক অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰা হয়। চেক বিতৰণ অনুষ্ঠানত ভাৰতীয় জীৱন বীমা নিগমৰ ক্ষেত্ৰীয় প্ৰৱন্ধক  আশুতোষ কুমাৰ, যোৰহাট মণ্ডলৰ মণ্ডলিক প্ৰৱন্ধক জয়দীপ ঠাকুৰ আৰু গুৱাহাটী মণ্ডলৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। এই সাহায্যৰাশি  ভাৰতীয় জীৱন বীমা নিগমৰ স্বৰ্ণ জয়ন্তী ফাউণ্ডেচনৰ অধীনত প্ৰদান কৰা হয়। এই সহযোগিতাৰ মূল উদ্দেশ্য হৈছে যোৱা জুলাই মাহত উজনি অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সহায় আৰু পুনৰ সংস্থাপনৰ কাম-কাজত সহযোগিতা আগবঢ়োৱা। উল্লেখযোগ্য যে, ভাৰতীয় জীৱন বীমা নিগমে অলপতে অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়লৈও ৪.৬৭ (চাৰি কোটি সাতষষ্ঠী) লাখ টকাৰ অনুদান আগবঢ়াইছে।এই পদক্ষেপৰ জৰিয়তে ভাৰতীয় জীৱন বীমা নিগমে সমাজৰ প্ৰতি নিজৰ সামাজিক দায়বদ্ধতা আৰু দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থকাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে বুলি জানিব দিয়ে।