প্ৰেম হেনো এনেকুৱাই – স্বাগতা বৰুৱা গোস্বামী

Pc StockCake

প্ৰেম হেনো এনেকুৱাই

স্বাগতা বৰুৱা গোস্বামী

লিখবলৈ লৈ জুবিনদাৰ গান এটালৈহে মনত পৰিছে।গানটো হ’ল

উজনিৰে ৰেল খনি বুকুতে বাজিছে,
নামনিৰে ধুমুহা মোৰ বুকুতে বলিছে।

পিছে মোৰ বাৰু নামনিৰ ধুমুহা জাক বুকুত বলা নাই,কিন্তু উজনিৰ নাম শুনিলে বুকুতে ৰেলগাড়ী খনি বাজি উঠে।এতিয়া আমি মন কৰিব লাগিব যে বুকুতে ৰেল খনি কেতিয়া বাজে।তাৰ বাবে প্ৰেম হ’ব লাগিব। প্ৰেম যেতিয়াই তেতিয়াই হ’ব পাৰে।ইয়াৰ বাবে কোনো সময়ৰ প্ৰয়োজন নাথাকে।অনুৰাধা শৰ্মা পূজাৰী বাইদেউৱে চাহেব পুৰাৰ বৰষুণত প্ৰেমক বৰষুণৰ লগত তুলনা কৰিছে।সচাঁই প্ৰেম বৰষুণৰ দৰেই কেতিয়াবা ই দি যায় একাত্মক হোৱাৰ এক সুন্দৰ মাদকতা।শৈশৱতে উজনি নামনিৰ কথাবোৰ ইমান মনলৈ অহা নাছিল কিন্তু যেতিয়াই উজনিৰ পৰা আহি মধ্য অসমত স্থায়ী বাসিন্দাৰ অনুজ্ঞাপত্ৰ লৈ ললো,তেতিয়াৰ পৰাহে উজনি নামনি কথা আহি পৰিল।স্থায়ী অনুজ্ঞাপত্ৰ মানে আপোনালোকে গ’ম পাইছেই চাগে….মানে বিবাহ সূত্ৰে মধ্য অসম নগাঁওলৈ আহিলো।ইয়ালৈ অহাৰ পিছত যেন চেৰেং চেৰেংকৈ আপোন আমাৰ যোৰহাট খনলৈ বৰকৈ মনত পৰে।মানুহৰ লগত কথা পাতিলেই কথাৰ মাজত আমাৰ যোৰহাটৰ কথা এবাৰ মান ক’ব পাৰিলে বুকুখন কিবা এটা ডাঠ ডাঠ লাগে।তাতে অচিনাকি মানুহৰ লগত কথা পাতিলে যেতিয়া কথা পাতি থকাৰ মাজতে মোক কয় ৰ’বচোন আপুনি বাৰু upper Assam ৰ নেকি?আপোনাৰ সুৰতে গ’ম পাইছো।আপোনালোকৰ upper ৰ মানুহবোৰৰ কথাবোৰ শুনি বৰ ভাল লাগে।হয় নি,আমাৰ ইত্যাদি বোৰ।উস্ তেতিয়া কেনেকুৱা অনুভৱ হয় জানে, হিন্দীত যে কয় “মনমে লাড্ডু ফুটা”মোৰ মনটোত তেনেকৈয়ে লাড্ডু ফুটে।তাতে যদি যোৰহাটৰ মানুহ পাই গ’লো,তেতিয়া যে নকৈছোয়ে আৰু।আমাৰ যোৰহাট যোৰহাট কে আৰম্ভ কৰিয়েই দিওঁ।যেন বিদেশত আপোন মানুহে পাইছো।সঁচাকৈ নিজৰ ঠাইখনৰ প্ৰতি থকা ভালপোৱাৰ মাদকতাই বেলেগ।এয়াই প্ৰেম।যোৰহাটৰ প্ৰতি মোৰ ইমানেই দুৰ্বলতা আছিল যে বিয়াৰ কথা ওলালেও মই যোৰহাটৰ ল’ৰাৰ বাহিৰে বেলেগৰ লগত বিয়া নহও বুলি কওঁ।ঈশ্বৰে মোৰ সেই প্ৰাৰ্থনা শুনিছিলেও পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।মোৰ ক্ষেত্ৰতো সেইয়াই হ’ল।এফালে আছে মনৰ মানুহজন আনফালে আছে মৰমৰ যোৰহাট খন তাৰ মাজতে মনৰ মানুহজনৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লো।পিছে মানুহজনৰো যোৰহাটৰ প্ৰতি থকা হেপাহৰ বাবে মন গ’লেই যাব পাৰো।প্ৰেম যেতিয়াই তেতিয়াই য’তে ত’তে হ’ব পাৰে লাগে মাথো কিছু মাদকতা।বিয়াহোৱা ১০বছৰৰ পিছত যেন মই পুনৰ প্ৰেমত পৰিছো নগাঁৱৰ পুৰণিগুদামৰ। পুৰণিগুদাম খন যেন আজিকালি মোৰ বৰ আপোন হৈছে।বিশিষ্ট ব্যক্তি লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা (স্বনামধন্য সংগীতশিল্পী), কলংপৰীয়া কবি দেৱকান্ত বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা, লেশধৰ শৰ্ম্মা (লেৰেলা খনিকৰ), সাউদ ভোলানাথ আদি অসমৰ জাতীয় জীৱনৰ কেইবাগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ জন্মস্থান আছিল এই পুৰণিগুদামেই।ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ত পুৰণিগুদামেই আছিল জিলাৰ খনৰ সদৰ।জিলাৰ পৰা ১২ বা ১৩ কিঃমিঃ দূৰত থকাৰ পিছতো পুৰণিগুদামত নাই কি?বিদ্যালয়,মহাবিদ্যালয়,নাচ,গান,নাটকৰ বিদ্যালয় সকলো বিদ্যমান।নিত্য প্ৰয়োজনীয় সকলো বস্তু হাততে পোৱা যায় এই পুৰণিগুদামতেই।তাৰোপৰি শাক-পাচলি,মাছ,মাংসকে আদি কৰি ঔষধ,টেইলৰ,কাপোৰৰ দোকান,বেকাৰী নাই কি?তাৰোপৰি বিশ্ব বিখ্যাত লেৰেলা খনিকৰ দেৱৰ দ্বাৰা গঢ়িত দূৰ্গা মা মন্দিৰ, অলপ আগলৈ আহি এচিয়াৰ সৰ্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ আদি।শাওন মাহ অহাৰ লগে লগে বাবাৰ মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰৰ লগতে পৰিবেশটো বৰ সুন্দৰ হৈ থাকে।মন্দিৰৰ ওচৰত ঘৰ হোৱাৰ বাবে এইকন সৌভাগ্য উদয় হৈছে।আজিকালি এই পৰিবেশবোৰৰ লগত ইমানেই একাত্মক হৈ গৈছো যেন এতিয়া মূখত আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি কৈহে ভাল লগা হৈছে।তথাপিও মৰমৰ যোৰহাট সদায় মৰমৰে হৈ ৰ’ব।প্ৰেম এনেকুৱাই ঠিক বৰষুণৰ দৰে প্ৰতিটো টোপালেই আনি দিছে ভিন ভিন মাদকতা।