ৰঙা জীঞা – শর্মিষ্ঠা দেৱী

Pc Unsplash

ৰঙা জীঞা

শর্মিষ্ঠা দেৱী,নগাঁও

ঠিকনাবিহীন এজাক ফিৰফিৰিয়া বতাহ
সোমাইছেহি মোৰ খিৰিকীৰে,
মোৰ কোঠাটিলে’।
এটি ৰঙা জীঞা হৈ উৰি যাবলৈ মন
তেওঁৰ কাষলৈ,
উমলাবলৈ মন মোৰ সপোন ফৰিং ।
অথচ
আপদীয়া বতাহজাকে
পুৰণি পাত দুখিলা উৰুৱাই
যেন ৰং চাইছে।

ঠিকনা থাকিও
কেকুৰিত হেৰাই যোৱা সপোনটোলৈ
বৰকৈ মনত পৰিছে।
এন্ধাৰৰ পিঠিত উঠি আহিবনে আকৌ
সেই পুৰণি সপোনটো –
মোৰই খিৰীকিৰ ফাকেৰে
চেঁচা বতাহ এছাটি বোৱাই দিবলৈ
মোৰ দেহৰ সীৰে সীৰে ??