দীপাৱলী উপলক্ষে ৯ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- দীপাৱলী উপলক্ষে ৯ নৱেম্বৰ, সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে।এন আই আইনৰ ২৫নং ধাৰাৰ অধীনত প্রশাসনে এই বন্ধ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি, জিলাখনত দীপাৱলী উৎসৱৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যপালৰ অনুমোদনক্ৰমে জাৰি কৰা অধিসূচনা অনুসৰি, ৯ নৱেম্বৰত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব। একেদৰে জিলাখনৰ সকলো বিত্তীয় প্ৰতিষ্ঠানো উক্ত দিনটোত বন্ধ ৰখা হ’ব।
