কৃত্ৰিমতাক বেয়া পোৱা নদীখন
হৰেন কপ্তাক
শতিকা জুৰি নিশ্চুপ হৈ চাই আছিল ই
মানুহৰ হাঁহিবোৰ বেয়া পাইছিল ই
বেয়া পাইছিল গানবোৰ
নিৰ্যাতনৰ বোজা ব’ব নোৱাৰি
অৱশেষত ভাগি গৈছিল ৰাজহাঁড়
অসুখত ভুগিছিল ই
তেওঁৰ চকুলোৰ গতি যে
চাৰখাৰ কৰি দিব পাৰে
বুজাই দিলে জীৱশ্রেষ্ঠ মানৱক
কঢ়িয়াই আনিলে মৃত্যুৰ বিভীষিকা
কৃত্রিমতাত বান্ধ খাব নুখোজে ই
কৃত্রিমতাই যে ধ্বংসৰ কাৰণ
বুজাই দিলে ই
কিন্তু, শিক্ষা লবনে
তুমি মই আপুনি?
