শব্দ, চেতনা আৰু যন্ত্ৰ: সাহিত্য সৃষ্টিত কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ সীমাবদ্ধতা – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

শব্দ, চেতনা আৰু যন্ত্ৰ: সাহিত্য সৃষ্টিত কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ সীমাবদ্ধতা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

বৰ্তমান সময়ত সমাজৰ সচেতন মহলৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়ালৈকে এক অভূতপূৰ্ব বিতৰ্ক তথা চৰ্চাৰ ঢৌ উঠিছে। এই চৰ্চাৰ মূল কেন্দ্ৰবিন্দু হৈছে AI অৰ্থাৎ ‘কৃত্ৰিম বুদ্ধিমত্তা’ আৰু ইয়াৰ অসমীয়া ভাষা-সাহিত্যত প্ৰভাৱ। বিজ্ঞানৰ এই চমৎকাৰক লৈ বহুতে আশাবাদী হ’লেও এটা মৌলিক প্ৰশ্ন মনলৈ আহে— এই যান্ত্ৰিক প্ৰযুক্তিয়ে জানো নিজে স্বতন্ত্ৰভাৱে কিবা সৃষ্টি কৰিব পাৰে?

প্ৰকৃততে, AI কেতিয়াও স্ৰষ্টা হ’ব নোৱাৰে; ই কেৱল মানুহৰ দ্বাৰা পৰিচালিত এক অত্যাধুনিক সঁজুলিহে। যন্ত্ৰৰ কোনো নিজা আত্মিক উপলব্ধি বা ভাব-অনুভূতি নাথাকে। মানুহৰ দৰে এক চিন্তাশীল মন, এক মননশীল মগজু, আৰু হিয়াৰ গভীৰতাত কোঁপনি তোলা সুখ-দুখ, প্ৰেম-বিৰহ বা বিষাদৰ অনুভূতি যন্ত্ৰৰ নাথাকে। গতিকে, যাৰ চেতনা আৰু অনুভূতিৰ কোনো অস্তিত্বই নাই, এটা কম্পিউটাৰ প্ৰগ্ৰেমে মানৱ জীৱনৰ গভীৰ সত্যক স্পৰ্শ কৰিব পৰা উৎকৃষ্ট মানদণ্ডৰ সাহিত্য সৃষ্টি কৰিব কেনেকৈ? তাৎকালিনভাৱে, বৰ্তমান সময়লৈকে অসমীয়া ভাষাৰ যি গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্য, তাৰ সম্পূৰ্ণ জ্ঞান AI-ৰ আয়ত্তলৈ অহা নাই; আৰু এই জটিল জ্ঞান আহৰণ কৰিবলৈ যন্ত্ৰক এতিয়াও বহু দশকৰ প্ৰয়োজন হ’ব।

অৱশ্যে ইয়াৰ আন এটা দিশো প্ৰণিধানযোগ্য— এই ডিজিটেল মাধ্যমে আমাক সহায় কৰা নাইনে? নিশ্চয় কৰিছে। যিহেতু বিশ্বজুৰি মানুহে সৃষ্টি কৰা বিপুল তথ্য আৰু জ্ঞানক আহৰণ কৰিয়েই ই দিনক দিনে বিকশিত হৈছে, সেয়েহে ইয়াৰ ডিজিটেল ভাণ্ডাৰত জ্ঞানৰ অভাৱ নাই। ফলস্বৰূপে, এজন লেখকক তথ্য যোগান ধৰাত বা ব্যাকৰণগত সহায় কৰি সৃষ্টিশীল প্ৰক্ৰিয়াটোক ক্ষিপ্ৰতৰ কৰাত ই অৱশ্যেই সহায় কৰিব পাৰে। কিন্তু সৈইটো কেতিয়াও সাহিত্য হ’ব নোৱাৰে।

সাহিত্য অবিহনে এটা জাতি মৃতপ্ৰায়। অসমৰ সাংস্কৃতিক সংগ্ৰামৰ এক বলিষ্ঠ কণ্ঠস্বৰ জুবিন গাৰ্গে এষাৰ অমোঘ বাণী কৈছিল— “কিতাপ নপঢ়া জাতিক কেৱল গামোচাৰে বচাই ৰাখিব নোৱাৰি।” এই কথাষাৰৰ তাৎপৰ্য অতি গভীৰ। জাতি এটা জীয়াই থাকে তাৰ বৌদ্ধিক চৰ্চা আৰু সাহিত্যৰ যোগেদি, কোনো যান্ত্ৰিক অনুকৰণৰ দ্বাৰা নহয়।

সেয়েহে, অধ্যয়নৰ গভীৰতা, জীৱনৰ দীৰ্ঘ অভিজ্ঞতা আৰু অনন্য সৃষ্টিশীল কৌশল নোহোৱাকৈ কেৱল এটা যান্ত্ৰিক প্ৰগ্ৰেমক ব্যৱহাৰ কৰিয়েই কোনোবাই যুগান্তকাৰী সাহিত্য ৰচনা কৰিব পাৰিব বুলি ভবাটো এক অলীক কল্পনা বা ভ্ৰান্তি মাথোঁ। ছ’চিয়েল মিডিয়াত প্ৰায়ে দেখা যায়, বহুলোকে দাবী কৰে যে অমুক লেখা AI-য়ে লিখি উলিয়াইছে। কিন্তু বাস্তৱিকতে AI-য়ে নিজে একো কৰা নাই; ইয়াৰ নেপথ্যত থকা মানুহজনৰ নিজস্ব মেধা আৰু চিন্তাইহে সেই যন্ত্ৰটোক ব্যৱহাৰ কৰি কিবা এটা ৰূপ দিছে।

পৰ্যাপ্ত অধ্যয়ন আৰু মৌলিক প্ৰতিভা নোহোৱাকৈ কেৱল যন্ত্ৰৰ সহায়ত সাহিত্যিক হোৱাৰ যি প্ৰয়াস, সি ক্ষণস্থায়ী। কিয়নো, সৃষ্টিৰ মাজত থকা কৃৰ্তিমতা বা যান্ত্ৰিকতাখিনি ভাষা আৰু শৈলীৰ সামান্য জ্ঞান থকা লোক এজনৰ চকুতো ধৰা পৰিবই। মানুহে নিজৰ তেজ-মঙহ আৰু হৃদয়ৰ আত্মা ঢালি যি গভীৰ শব্দ প্ৰয়োগ কৰে, যি আৱেগিক জোকাৰণিৰ সৃষ্টি কৰে— তাৰ সমকক্ষ হোৱাৰ ক্ষমতা কোনো নিৰ্জীৱ যন্ত্ৰৰ কেতিয়াও থাকিব নোৱাৰে। সাহিত্য সদায় মানুহৰ আত্মাৰ প্ৰকাশ, আৰু যন্ত্ৰ কেতিয়াও মানুহৰ আত্মাৰ বিকল্প হ’ব নোৱাৰে।