ছন্দহীন জীৱনৰ তেজ ৰঙা শ্ল’গান
হৰেন কপ্তাক
বাটে-ঘাটে খুন্দা খাই আগবাঢ়ে জীৱনৰ ৰে’লগাড়ী
ছন্দহীন কবিতাৰ শব্দৰ মালা গঁথা অসম্ভৱ
ৰঙা ৰ’দালিৰ পুৱাৰ কিৰণ,
ৰান্ধনি বেলিৰ অন্তিম জীৱনে কয়-
তেজ ৰঙা কাহিনীৰ কথা
ভঙা শ্লিপাৰটো জোকাৰি জোকাৰি যায়
চিগি যোৱা তাঁৰটো বিজুলী বৈ ৰয়
উজুটি খোৱা ভৰি দুখনেও
আকৌ বাট বিচাৰি লয়
জীৱন মানেই ডট্ ডট্ ইতি নহয়
ইয়াৰ পিছতো আৰু এটা জীৱন আছে
মাথোঁ চিঞৰি আছো আৰু থাকিম
ছন্দহীন জীৱনৰ তেজ ৰঙা শ্ল’গান বুকুত সাৱটি
