ভঙা চাইকেল আৰু এজনী ছোৱালী
জ্যোতিমণি মাহত্ব
ৰ’দজাক ক্ৰমাৎ চোকা হৈ আহিছে মূৰৰ ওপৰত
গাঁৱৰ সেই একা-বেকা জনহীন আলিয়েদি—
আগবাঢ়ি যায় তাই, বুকুত একাঁজলি সপোন লৈ
লগত কেৱল দেউতাকে এৰি যোৱা পুৰণি ভঙা চাইকেলখন।
মামৰে ধৰা হেণ্ডেলডালত তাইৰ কোমল হাতৰ খোপনি
চেইনডাল সঘনাই সলকি পৰে, যেন ভাগ্যৰ দৰেই,
কেতিয়াবা চকাটোৱে কৰে বৰকৈ আমনি
তথাপিও তাইৰ খোজত নাই কোনো ভাগৰৰ চিন।
দুপৰীয়াৰ বতাহজাকে তাইৰ উৰি থকা চুলি কোছা চুমি যায়
কপালৰ ঘামবোৰে কয় এক অনামী সংগ্ৰামৰ কথা,
পেদেল মৰাৰ প্ৰতিটো যান্ত্ৰিক শব্দতে যেন বাজে—
দৰিদ্ৰতা আৰু সপোনৰ মাজৰ এক মৌন যুদ্ধৰ কৰুণ সুৰ।
ভঙা চাইকেলখনেই এতিয়া তাইৰ আকাশ কঢ়িওৱা পাখি
যিয়ে কঢ়িয়াই নিয়ে এখন গধুৰ বেগ,
ঘৰৰ অভাৱ আৰু মাকৰ শেঁতা হাঁহিটোৱে তাইক সোঁৱৰাই দিয়ে
তাই যে হাৰ মানিলে নহ’ব , তাই যে জিকিবই লাগিব।
পথৰ কাষৰ মানুহবোৰে যেতিয়া তাই লৈ চাই
কোনোবাই উপলুঙা কৰে অথবা হাঁহি মাৰি কয়,
এজনী ছোৱালী হৈ ইমান দূৰ চাইকেল চলাই যাব নালাগে
অচিনাকী শংকাবোৰ তাই মোহাৰি থৈ যায় চকাৰ প্ৰতিটো ঘূৰ্ণনত।
কলেজৰ ডাঙৰ অট্টালিকা আৰু নতুন মানুহবোৰৰ ভিৰত
তাইৰ ভঙা চাইকেলখনেই তাইৰ একমাত্ৰ আপোন সংগী।
তাই এজনী সাধাৰণ ছোৱালী নহয়, তাই এক সংগ্ৰামৰ কবিতা।
চহৰীয়া বতাহজাকত উৰি ফুৰে সুগন্ধি দ্ৰব্যৰ গোন্ধ
তাৰ মাজতেই তাই কঢ়িয়াই ফুৰে
ঘাম আৰু শ্ৰমৰ এক নিজস্ব সুবাস,
চকচকীয়া জোতা আৰু দামী বেগৰ সেই আভিজাত্যৰ ভিৰত
ঘাম আৰু শ্ৰমৰ এক নিজস্ব সুবাস,
চকচকীয়া জোতা আৰু দামী বেগৰ সেই আভিজাত্যৰ ভিৰত
তাই থিয় হয়— হাতত পুৰণি কিতাপ আৰু এটা সংকল্প লৈ।
কেতিয়াবা ক্লাছৰ খিৰিকীৰে তাই দূৰলৈ চাই পঠিয়ায়
চাইকেলৰ সেই ভঙা পেদেলডালে তাইৰ বুকুত টুকুৰিয়াই যায়,
আজি এইখন চাইকেলেই তাইৰ বাবে এক অক্ষয় আশীৰ্বাদ।
