শীঘ্ৰেই ৰ’-পেক্স জাহাজ দুখন চলাচল কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

pc Outlook India

শীঘ্ৰেই ৰ’-পেক্স জাহাজ দুখন চলাচল কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অনলাইন বাৰ্ত্তাসেৱা – মাজুলীত সংঘটিত হোৱা ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ বুজ লৈ যোৰহাটৰ নিমাতীঘাটত – সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে নিমাতীঘাট আৰু মাজুলীৰ মাজত চলাচল কৰা এটা ইঞ্জিনযুক্ত সকলো ফেৰী সেৱা বন্ধ থাকিব। ব্ৰহ্মপুত্ৰৰ মাজৰ ফেৰী দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰে হোৱা বাৰ্তালাপত এই ফেৰী দূৰ্ঘটনাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সংঘটিত ফেৰী দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে উলিয়াব পৰা নাই যদিও ফেৰীসমূহৰ চলাচলত যে আসোঁৱাহ আছে সেই কথা পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিমাতীঘাটত থকা ৰপেক্স জাহাজ দুখন এক-ডেৰ মাহে কিয় বন্ধ হৈ আছিল সেই বিষয়ে তদন্ত কৰা হ’ব বুলিও উল্লেখ কৰি শীঘ্ৰেই এই দুখন ৰ’পেক্স জাহাজ চলাচল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, নিমাতী আৰু কমলাবাৰীৰ মাজত দহখনকৈ ব্যক্তিগত এটা ইঞ্জিনযুক্ত ফেৰী চলাচল কৰে। ইতিমধ্যে এই ফেৰীসমূহ মেৰাইন ইঞ্জিনলৈ পৰিৱৰ্তন কৰিবৰ বাবে নির্দেশ দিয়া হৈছে। ইয়াৰ বাবে চৰকাৰে এটা ইঞ্জিনযুক্ত ফেৰীৰ গৰাকীলৈ দহলাখ টকাকৈ আগবঢ়াব। ইয়াৰে ৭৫ শতাংশ ৰাজসাহায্য হিচাপে আগবঢ়াব আৰু ২৫ শতাংশ তেওঁলোকক ঋণ হিচাপে প্ৰদান কৰা হ’ব। যেতিয়ালৈকে ফেৰীৰ গৰাকীসমূহে তেওঁলোকৰ ইঞ্জিনসমূহ মেৰাইন ইঞ্জিনলৈ পৰিৱৰ্তন নকৰে সেই পর্যন্ত এটা ইঞ্জিনযুক্ত ফেৰীসমূহ বন্ধ থাকিব বুলিও তেওঁ ঘোষণা কৰে। নিমাতীঘাটৰ পৰা মাজুলীলৈ ৰ’পেক্স জাহাজ দুখনৰ উপৰি অহা ১৫ দিনৰ ভিতৰত আৰু দুখন নতুনকৈ জাহাজ চলাচল কৰোৱা হ’ব বুলিও তেওঁ ঘোষণা কৰে। ইয়াকে ধৰি নিমাতীঘাট আৰু মাজুলীৰ মাজত মুঠ ছখন চৰকাৰী ফ্ৰেীৰ চলাচল কৰোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে, নিমাতী আৰু কমলাবাৰীৰ মাজত ৰ’পেক্স সেৱা অব্যাহত ৰাখিবৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকু খনন কৰি এই জলপথছোৱা জাহাজ চলাচল কৰিবৰ বাবে উপযোগী কৰি তোলা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। তদুপৰি চৰকাৰী জাহাজ চলোৱাৰ ক্ষেত্ৰত ভুল সময় দিয়া হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনে ভুল সময়ৰ বাবেই সৰ্বসাধাৰণ যাত্ৰী ব্যক্তিগত ফেৰীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এই ক্ষেত্ৰত চৰকাৰে চোকা দৃষ্টি ৰাখিব বুলি উল্লেখ কৰি কয় যে এই ফেৰী সেৱাসমূহ চলাচলৰ ক্ষেত্ৰত সময়।

(UD.)