নিয়োগ বিনিময় কেন্দ্ৰত এতিয়াৰে পৰা অনলাইনযোগে নাম পঞ্জীয়নৰ সুবিধা

pc AssamCareer

নিয়োগ বিনিময় কেন্দ্ৰত এতিয়াৰে পৰা অনলাইনযোগে নাম পঞ্জীয়নৰ সুবিধা

অনলাইন বাৰ্ত্তাসেৱা – নিয়োগ বিনিময় কেন্দ্ৰত নিজৰ নাম পঞ্জীয়নৰ বাবে এতিয়াৰে পৰা শাৰী পাতি থকাৰ পৰিৱৰ্তে অনলাইনযোগে ঘৰত বহিয়েই নিবনুৱাসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰোপৰি চাকৰি লাভ কৰাৰ পাছত পুলিচ ভেৰিফিকেচন অহালৈ অপেক্ষা কৰিব নালাগে নিবনুৱাসকলে। কিয়নো এতিয়াৰে পৰা পুলিচ ভেৰিফিকেচনৰ পৰিৱৰ্তে নিজেই শপতনামা দাখিল কৰি চাকৰিত যোগদান কৰিব পাৰিব নিযুক্তিৰ বাবে যোগ্য নির্বাচিত হোৱা যুৱক-যুৱতীয়ে। মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত গ্ৰহণ কৰা হৈছে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা এমপ্লইমেণ্ট এক্সচেঞ্জলৈ গৈ নাম পঞ্জীয়ন কৰিব নালাগে নিবনুৱাসকলে । কেবিনেটৰ সিদ্ধান্ত সদৰী কৰি জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেলত কয় যে আধাৰকাৰ্ডৰ ভিত্তিত অনলাইনযোগে নিবনুৱা যুৱক-যুৱতীসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব নিয়োগ বিনিময় কেন্দ্ৰত। যিসকল যুৱক-যুৱতীৰ এতিয়াও আধাৰকাৰ্ড নাই তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ অহা ৩০ ছেপ্টেম্বৰলৈ এমপ্লইমেণ্ট এক্সচেঞ্জলৈ গৈ অফলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। কিন্তু ১ অক্টোবৰৰ পৰা অফলাইনযোগে নাম পঞ্জীয়নৰ কোনো ব্যৱস্থা নাথাকে। ইয়াৰ পৰিৱৰ্তে অনলাইনযোগে আধাৰৰ ভিত্তিত এমপ্লইমেণ্ট এক্সচেঞ্জত নিজৰ নাম ই-পঞ্জীয়ন কৰিব পাৰিব নিবনুৱাসকলে ৷

(UD.)