মাতৃক ছুৰিৰে আক্ৰমণ কৰি আত্মহত্যা নৱম শ্ৰেণীৰ ছাত্ৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জ্যোতিনগৰত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰজনে কেইবাবাৰো জন্মদাত্রী মাতৃক ছুৰিকাঘাত কৰি হত্যাৰ চেষ্টা চলাই অৱশেষত নিজে আত্মহননৰ দৰে পথ বাছি ল’লে। এই ভয়ংকৰ কাণ্ডৰ আঁৰত কি ৰহস্য লুকাই আছে, তাক লৈ চানমাৰি আৰক্ষীয়ে তদন্ত আগবঢ়াই নিয়াৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ছাত্ৰজনৰ কেইবাটাও হোৱাটছএপ পোষ্ট। নিজ মাতৃক ছুৰিকাঘাত কৰা ছাত্ৰজনে ঘটনাটোৰ পাছতে নিজৰ বিদ্যালয়ৰ হোৱাটছএপ গ্ৰুপত মাতৃক হত্যা কৰিব নোৱাৰি একপ্ৰকাৰ আক্ষেপ প্রকাশ কৰিছিল। ছাত্ৰজনে পোষ্টটোত এইবুলি লিখিছিল- মই মাক হত্যা কৰাত বিফল হ’লোঁ। বিগত ৩.৪৫ বজাৰ পৰা তেওঁ অর্ধমৃত হৈ আছে। পাৰিলে এখন এম্বুলেঞ্চ মোৰ ঘৰলৈ পঠিয়াওক। ছাত্ৰজনৰ এই ভয়ানক বাৰ্তাৰ পাছতে বিদ্যালয়খনৰ একাংশ শিক্ষকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল। আচৰিত কথাটো এয়ে যে একেটা ঘৰতে থকাৰ পাছতো ছাত্ৰজনে জেঠায়েক আৰু আইতাকে এই কাণ্ডৰ বিষয়ে অৱগত নাছিল। আৰক্ষীয়ে আহি দুৱাৰত টুকুৰিওৱাৰ পাছতহে পৰিয়ালে গম পাইছিল এই ভয়ংকৰ ঘটনাৰ বিষয়ে। জানিব পৰা মতে, ছাত্ৰজনৰ মাতৃ বিবাহ বিচ্ছেদ হোৱাৰ পাছৰে পৰা মাতৃগৃহতে আছিল। ছাত্ৰজনৰ মাতৃ আৰু তেওঁৰ পৰিয়ালৰ সৈতে মাটি-সম্পত্তিক লৈ বিগত কিছুবছৰ ধৰি তীব্র সংঘাত চলি আছিল। চানমাৰি থানাত এই সন্দর্ভত কেইবাটাও গোচৰ ৰুজু পর্যন্ত হৈছিল। এই বিবাদৰ ফলতে ভয়ংকৰ এই কাণ্ড সংঘটিত হ’ল নেকি তাকলৈও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোৰ পাছত আন এটা হোৱাটছএপ মেছেজযোগে ছাত্রজনে নিজৰ ফোন খোলা ৰখাৰ বিষয়ে অৱগত কৰি তদন্তকাৰী বিষয়াক ম’বাইলটো পৰীক্ষা কৰাৰো আহ্বান জনোৱাক লৈ সম্প্ৰতি পুনৰ ৰহস্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ছাত্ৰজনৰ ম’বাইল ফোন জব্দ কৰি পৰীক্ষা চলাই আছে বুলি জানিব পৰা গৈছে। সম্প্রতি জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন হৈ আছে ছাত্ৰজনৰ মাতৃ চন্দ্ৰালী কলিতা। জিএমচিএইচৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে সদৰী কৰা মতে, চন্দ্রালী কলিতাৰ মুখমণ্ডল আৰু মুৰত বহুকেইটা ছুৰীৰ আঘাত আছে। অৱশ্যে পৰিয়ালৰ তৰফৰ পৰা এতিয়ালৈকে ছাত্ৰজনৰ মৃত্যুৰ খবৰ মাতৃ চন্দ্ৰালী কলিতাক অৱগত কৰোৱা হোৱা নাই।
