ৰঙাজানৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৬লৈ বৃদ্ধি

Pc Firstindia

ৰঙাজানৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৬লৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- কাজিৰঙাত সংঘটিত হোৱা ভয়ংকৰ পথ দুর্ঘটনাত নিহতৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। দুৰ্ঘটনাটোত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত কেইবাজনো গুৰুতৰভাৱে আহত যাত্ৰীৰ মৃত্যু হোৱাৰ পাছত এই সংখ্যা বৃদ্ধি পায়। যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ২০গৰাকীৰ ভিতৰত তিনিগৰাকীৰ মৃত্যু হৈছে। শুকুৰবাৰে নিশালৈকে ২গৰাকীৰ মৃত্যু হোৱাৰ পিছত শনিবাৰে আন এগৰাকীৰ মৃত্যু হয়। যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা দুৰ্ভগীয়া তিনিগৰাকী হ’ল ক্ৰমে ফাৰহানা য়াছমিন, লখিমাই মাঝি আৰু ফাজাকিৰ আলম। ইফালে বর্তমানেও চিকিৎসাধীন হৈ থকা আহতসকল- হাফিজা খাতুন, ৰঞ্জিত সোণম, ৰাহুল কালিন্দী, জীৱন গোৱালা, অঞ্জলি গড়, দ্বীপেন শইকীয়া, বিউটী দত্ত, শিৱ প্রসাদ, সান্ত্বনা হাজৰা, সবিতা সোণাৰ, প্ৰাণজিৎ ছোৱাইন, মুস্তাকিন হুছেইন, মইদুল হক, নেকিবুৰ হক, ৰফিকুল ইছলাম। ইয়াৰে দুজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। এই আহতসকলৰ ভিতৰত জীৱন গোৱালা, প্রাণজিৎ ছোৱাইন, বিউটী দত্ত, ববিতা তাঁতী আৰু নেকিবুৰ হকৰ অৱস্থা অতি সংকটজনক। ইফালে মৃত্যুক আঁকোৱালি লোৱা ফাৰহানা য়াছমিন, লখিমাই মাঝি আৰু ফাজাকিৰ আলমক যোৰহাট মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক চমজাই দিয়াৰ পিছত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। ইফালে আহতসকলক চিকিৎসকৰ বাহিৰেও যোৰহাটৰ আছু, যুৱ-ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনাকে ধৰি বিভিন্ন দল-সংগঠনে চৌবিছ ঘণ্টাই সহায়ৰ হাত আগবঢ়াইছে। আনকি সংগঠনসমূহৰ কৰ্মীয়ে স্বেচ্ছাই আহতসকলৰ বাবে পর্যাপ্ত ৰক্তদান কৰে। ইফালে কাজিৰঙাত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত আহতসকলৰ খবৰ ল’বলৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় মন্ত্রী ডাঃ ৰণোজ পেগু। মন্ত্ৰীগৰাকীয়ে আহত প্ৰতিগৰাকী ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে প্রয়োজনীয় সকলো চিকিৎসাৰ বাবে চিকিৎসকক নির্দেশ দিয়ে। তেওঁ কয়-এই যি ভয়ংকৰ ঘটনা সংঘটিত হ’ল সেয়া অতি মর্মান্তিক। দুর্ঘটনাটোত নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি মন্ত্ৰী পেগুৱে আৰু কয়- এই ঘটনাৰ সম্পূৰ্ণ তদন্ত চৰকাৰে কৰিব। ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে কঠোৰ হ’ব ৰাজ্য চৰকাৰ। আহতসকলক সহায় কৰিবৰ বাবে চৰকাৰ সাজু থকা বুলি উল্লেখ কৰি ডাঃ ৰণোজ পেগুৱে আৰু কয়, আহতসকলৰ কাৰোবাক যদি ৰাজ্যৰ বাহিৰলৈ নিব লগা হয় তাৰ ব্যৱস্থাও চৰকাৰে নিশ্চিতভাৱে কৰিব- এই বিষয়ে আহতসকলৰ পৰিয়ালে কোনো চিন্তা কৰিব নালাগে।