বৰগাঙত ঝুমইৰ সন্মিলনী অসমৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
“ঝুমইৰ শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন”
বিহমাৰী,অৰুণা ধৰ বৈষ্ণৱ, ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ইংৰাজী ১৩ নৱেম্বৰত বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাঙৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে ঝুমইৰ সন্মিলনী অসমৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উলহ-মালহেৰে উদযাপন কৰা হয়। অভ্যৰ্থনা সমিতিৰ সম্পাদক প্ৰেমলাল গঞ্জুয়ে আঁত ধৰা অনুষ্ঠানত পুৱা ভাৰপ্ৰাপ্ত সভাপতি ৰাজীৱ কৈৰীয়ে পতাকা উত্তোলন কৰে আৰু সাধাৰণ সম্পাদক দিপেন চাৰাকসহ উপস্থিত সকলো অতিথিয়ে স্মৃতি তৰ্পণ কৰে। স্মৃতি গ্ৰন্থৰ সভাপতি ড০ লিখনেশ্বৰ ঘাটোৱাৰে শোভাযাত্ৰা উদ্বোধন কৰাৰ লগতে তেখেতৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত বিশিষ্ট লেখিকা আলোচনা কুৰ্মী, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুনিন গৌতম চাওৰা আৰু উপ-সভাপতি ভোলাৰাম ৰাউতীয়াই আলোচক হিচাপে অংশগ্ৰহণ কৰে। দুপৰীয়াৰ মুকলি সভাখন বিশিষ্ট সাংবাদিক অমিতাভ বৰুৱাই উদ্বোধন কৰে, অভ্যৰ্থনা সমিতিৰ হৈ বৈশাকু ৰয়ে অভিভাষণ আগবঢ়ায় আৰু সাধাৰণ সম্পাদক দিপেন চাৰাকে আদৰণি ভাষণ প্ৰদান কৰে।

চিনাকি পৰ্ব আৰু আদৰণি অনুষ্ঠানত সেউজ বন্যা কাব্য গোষ্ঠীৰ সভাপতি মফিদা খাতুন, বৰগাং শাখা সাহিত্য সভাৰ সম্পাদক উপেন দাস, লেখিকা সমাৰোহ সমিতিৰ সভাপতি কুঞ্জ হাজৰিকা, বৰগাং সাংস্কৃতিক মহাসভাৰ সম্পাদক খাদেম আলি, কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক মঙ্গল নায়ক, কেন্দ্ৰীয় সমিতিৰ সদস্যা প্ৰতিমা কুৰ্মী, বৰগাং শাখা সাহিত্য সভাৰ সভাপতি দুলাল দত্ত, সু-লেখক সাহিত্যিক নকুল কুৰ্মী, চাহ মজদুৰ সংঘৰ ৰাঙাপাৰা শাখাৰ সম্পাদক সুনিল টুটি, বিশ্বনাথ জিলা সমিতিৰ সভাপতি ৰমেন ৰাউতীয়া আৰু সম্পাদক সুনিল মাহাত্ব উপস্থিত থাকে। উক্ত অনুষ্ঠানত ড০ অঞ্জলী ঘাটোৱাৰ কৰ্মকাৰে থানেশ্বৰী কুৰ্মী গঞ্জুয়ে সম্পাদনা কৰা “ঝুমইৰ” শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰে আৰু সম্পাদিকা থানেশ্বৰী কুৰ্মী গঞ্জুয়ে গ্ৰন্থখনৰ বিষয়ে একাষাৰ কয়। ইয়াৰ উপৰি অনুষ্ঠানত বিশিষ্ট শিল্পী পেঞ্চনাৰ চেনীৰাম ওৰাং, বিশিষ্ট শিল্পী পেঞ্চনাৰ নুনুচিং কৰ্মকাৰ, বিশিষ্ট শিল্পী পেঞ্চনাৰ গোপেশ্বৰ গোৱালা আৰু বিশিষ্ট লেখক সোমেশ্বৰ ওৰাঙক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ঝুমইৰ দল আৰু ঝুমইৰ প্ৰেমী ৰাইজলৈ আয়োজক সমিতিয়ে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে।
