ড° ৰুবুল মাউতৰ সৈতে যোগাযোগৰ ঠিকনা – ড° বুলজিৎ বুঢ়াগোহাঁই

ড° ৰুবুল মাউতৰ সৈতে যোগাযোগৰ ঠিকনা

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
আজাৰা, গুৱাহাটী

১৪ নৱেম্বৰ, ২০২৬ তাৰিখে সন্ধিয়া ৫ বজাত মুনীন বৰকটকী  স্মাৰক ন্যাসৰ উদ্যোগত আয়োজিত ‘Plain Facts… তথ্যৰে যুক্তি’ৰ ষষ্ঠদশ অনুষ্ঠানত বিজ্ঞানী তথা লেখক ড° ৰুবুল মাউতে ‘বিজ্ঞান, সমাজ আৰু জীৱন : কিছু স্বপ্ন, কিছু বাস্তৱ’ শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে।

এই অনুষ্ঠানত উপস্থিত থাকি চিকিৎসা বিজ্ঞানৰ বহু নতুন আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে জানিবলৈ সক্ষম হ’লোঁ। এই জ্ঞানসমৃদ্ধ বক্তৃতাৰ বাবে ড° ৰুবুল মাউতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এনে এক ব্যতিক্ৰমী আৰু জ্ঞানসমৃদ্ধ অনুষ্ঠান আয়োজন কৰাৰ বাবে মুনীন বৰকটকী স্মাৰক ন্যাসৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

সেইদিনা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাসকলেও যাতে ড° ৰুবুল মাউতৰ বক্তৃতাটোৰ পৰা উপকৃত হ’ব পাৰে, সেই উদ্দেশ্যে বক্তৃতাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিলোঁ। ভিডিঅ’টো আপলোড কৰাৰ পিছত বহুতে ড° ৰুবুল মাউতৰ ফোন নম্বৰ বিচাৰি মোক মেছেজ কৰিছে।

তেওঁলোকক জনাব বিচাৰিছোঁ যে অনুষ্ঠানৰ শেষত কোনো বিষয়ত যোগাযোগ বা আলোচনা কৰিবলগীয়া থাকিলে ই-মেইলযোগে যোগাযোগ কৰিবলৈ ড° মাউতে জনাইছিল। বৰ্তমানৰ কৰ্মস্থান আমেৰিকাৰ চিনচিনাটি চিলড্রেনছ হস্পিটেলৰ অফিচিয়েল ৱেবছাইটত উল্লেখ থকা অনুসৰি তেওঁৰ ই-মেইল ঠিকনাটো হ’ল rubul.mout@cchmc.org । আগ্ৰহীসকলে উক্ত ই-মেইল ঠিকনাৰ জৰিয়তে ড° ৰুবুল মাউতৰ সৈতে যোগাযোগ কৰিব পাৰিব।

https://www.youtube.com/@Buljit/videos

https://www.facebook.com/pages/Dr-Buljit-Buragohain