ৰঙাজানত পথ দুর্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা-কাজিৰঙাৰ ৰঙাজানত ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সংঘটিত হোৱা ৰাজ্য কঁপাই যোৱা শোকাৱহ পথ দুর্ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। পুৱাৰ ভাগত কাজিৰঙাৰ গেলেকীৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি উক্ত ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে পোনে পোনে কাজিৰঙাৰ ৰঙাজানত সংঘটিত হোৱা ঘটনাস্থলীলৈ ৰাওনা হয়। মুখ্যমন্ত্ৰীয়ে দুর্ঘটনাটোৰ কাৰণ আৰু ঘটনাৰ পৰৱৰ্তী পৰিস্থিতিৰ বুজ লয়। কাজিৰঙাৰ দেশ কঁপোৱা ঘটনাৰ কাৰণক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে এতিয়াৰে পৰা আৰু অধিৰ ট্রেফিক নিয়ম কঠোৰ হোৱাৰ বাহিৰে বিকল্প নাই, গাড়ী ধৰিলে মানুহে আমাক বেয়া পায়, চৰকাৰৰ পইচা নাই বুলি সমালোচনা কৰে, ৰাইজৰ অসন্তুষ্টিৰ বাবেই কিছু শিথিল কৰা হৈছিল ট্রেফিক নিয়ম কিন্তু এতিয়াৰে পৰা আৰু সেইবোৰ নহ’ব, আগতকৈও অধিক ট্রেফিক নিয়ম শক্তিশালি হব বুলি কাজিৰঙাৰ দুর্ঘটনাস্থলীত উপস্থিত ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অভিশপ্ত ট্রেভেলাৰখনে ২৬ জনীয়া আসনত ৪১ গৰাকী যাত্রী কঢ়িয়াই আনি যি ধৰণে ৰাজপথত দুর্ঘটনা সংঘটিত কৰিলে সেয়া ট্রেভেলাৰ চালকজনৰ স্বাস্থ্যজনিত সমস্যা নে টোপনিৰ বাবেই শোকাৱহ দুর্ঘটনাটো সংঘটিত হ’ল সেয়া বিশেষ চিকিৎসকৰ দ্বাৰা চালকজনৰ তন্নতন্নকৈ মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ অন্তত ঘটনাৰ বিৱৰণ পোহৰলৈ আহিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। লগতে মুখ্যমন্ত্রী গৰাকীয়ে উল্লেখ কৰে যে এই ঘটনা অতি মৰ্মান্তিক । টকাৰে এই মৃত্যুক জুখিব পৰা নাযায় ।জীৱন অমূল্য, যিসকলৰ প্রাণহানি হৈছে তেওঁলোক আৰু উভতি নাহে। তথাপি পৰিয়ালৰ সহায় হোৱাকৈ নিহতসকলৰ নিকটাত্মীয়লৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাকৈ আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা ২ লাখ টকাকৈ এককালীন আর্থিক সাহায্য প্রদানৰ কথা ঘোষণা কৰে। ইতিমধ্যে প্রধানমন্ত্রী সাহায্য পুঁজিৰ পৰাও প্ৰতিগৰাকী মৃত ব্যক্তিৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আগবঢ়োৱাৰ কথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে ইয়াকো জানিবলৈ দিয়ে যে মৃত যাত্ৰীসকলৰ মৰণোত্তৰ পৰীক্ষা আৰু শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে অসম চৰকাৰৰ মন্ত্ৰীয়ে নিকটাত্মীয়ৰ হাতত ধনখিনি প্রদান কৰিব। আনহাতে বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে জেএমচিএইচ তথা অন্যান্য চিকিৎসালয়ত চিকিৎসাধীন আহত লোকসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়ে যে চিকিৎসালয়খনলৈ অনা ২০ গৰাকী লোকৰ ৩গৰাকীৰ মৃত্যু হৈছে। ১০গৰাকী লোকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। ৬গৰাকী আই চি ইউত আৰু এগৰাকী ভেন্টিলেচনত চিকিৎসাধীন হৈ আছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকো তেওঁলোকৰ চিকিৎসাত নিয়োজিত হৈছে। আনহাতে নিহতৰ পৰিয়ালসমূহক চোৱাচিতা কৰা আৰু আহতসকলৰ চিকিৎসাৰ তদাৰকী কৰিবলৈ চাৰিগৰাকী মন্ত্ৰীক বিশেষ দায়িত্ব অর্পণৰ কথাও আজি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। সেইমৰ্মে মন্ত্রী ডাঃ ৰণোজ পেগু আৰু অতুল বৰাক যোৰহাটত, অজন্তা নেওগক গোলাঘাটত আৰু কেশৱ মহন্তক কলিয়াবৰত এই দিশসমূহ তদাৰক কৰাৰ বাবে দায়িত্ব দিয়া হৈছে। ইফালে আজি মুখ্যমন্ত্রীয়ে স্পষ্টকৈ উল্লেখ কৰে যে অনিয়ন্ত্রিত গতিবেগ আৰু চালকে নিয়ন্ত্রণ হেৰুওৱাৰ পৰিণতিতে দুর্ঘটনাটো সংঘটিত হৈছে।
