ব্যস্ততা – বাহাৰুল ইছলাম

Pc StockCake

ব্যস্ততা

বাহাৰুল ইছলাম

জগতে এদিন ছলনা কৰিব জানিও
হাবাথুৰি খায় ফুৰিছোঁ
উশাহ-নিশাহে বঞ্চনা কৰি আঁতৰি যাব
কোনোবা কেঁকুৰিত
স্তব্ধ হ’ব জানো জগত
দৃষ্টি নিক্ষেপ কৰিব জানো কোনোৱে?
তেন্তে কিহৰ এই ৰঙ্গমঞ্চ
কিহৰ এই ব্যস্ততাৰ অজুহাত?
ক’লা-বগা এন্দুৰৰ স’তে সম্পৰ্ক আজীৱন
অমীমাংসিত দৌৰৰ প্ৰতিযোগী হৈ
অনেক দৌৰিলোঁ
নিৰ্দিষ্ট দীৰ্ঘৰ এই খেলখনৰ সীমাবদ্ধতাৰ স’তে
আলিঙ্গন হ’ব
হেঁপাহৰ জীৱন
আশা আৰু সপোন
নয়নত সানি ৰখা বাৰেবৰণীয়া মৰীচিকাক
ধৰিব পাৰিনে কদাপি?
সময়ৰ জখলা বগাই
বিকাশৰ জয়গান গাইছোঁ
সোণৰ কণী বিচাৰি
শুনিছোঁ প্ৰকৃতিৰ ক্ৰন্দন
পখী-বিৰিখৰ হুমুনিয়াহ
লঙঠা পাহাৰৰ ধৰ্ষণ
আৰু যে ক’ত কি?
দেখিছোঁ সু-উচ্চ জ্ঞানীলোকৰ হিংসাৰ দাবানল
হেজাৰটা আত্মাক জীয়াই মৰাৰ দৃশ্য
বোমা-বাৰুদৰ গৰ্জন।
ব্যস্ততা- জীৱন সংগীৰ ছদ্মনাম
বতৰ আৰু দিন
নিমিষতে পাৰ হয়
ৰসাল হাঁহিক বান্ধি থৈ নিস্তেজ হাঁহি পিন্ধি
গৈছোঁ আগুৱাই দিনক দিনে
আয়ুসে ছলনা কৰি লগ কৰিব জীৱনৰ সন্ধিয়াক
এটি আত্মাই ৰূপ সলাব
নিষ্ঠুৰ সময়ৰ গতিত
এনেহেন ক্ষণত
সম্পৰ্ক বোৰ কেনেকৈ থাকে অটুট?