জুবিন গাৰ্গৰ গীতত মানৱতাবাদ আৰু সমাজ জীৱন
বিউটী হাজৰিকা
“জগত পোহৰ কৰি আহিব প্লাৱন,
আঁতৰাব অমানিশা
বধিব ৰাৱণ।
নিকা হ’ব সমাজ
শেষ হব এই পাপ…,
ফুলি ৰ’ব প্ৰেম শতদল…।
লিখা হ’ব আকৌ নতুন ইতিহাস,
ভণ্ড সমাজৰ হ’ব পৰিহাস।
মাতৃৰ আঁচলত নামিবহি পৰভাত…,
হিংসাৰ জুই হ’ব ম্লান।”
অসমীয়া সাংস্কৃতিক জগতৰ এক আক্ষৰিক অৰ্থতে যুগপুৰুষ তথা প্ৰাণৰ প্ৰতিম শিল্পী জুবিন গাৰ্গ কেৱল এটি সুৰীয়া কণ্ঠ বা এজন জনপ্ৰিয় গায়কে নহয়, তেওঁ হৈছে বিদ্ৰোহী প্ৰতিবাদ, মানৱীয় প্ৰেম আৰু সামাজিক দায়বদ্ধতাৰ এক সজীৱ প্ৰতীক। তেওঁৰ গানবোৰ কেৱল বিনোদনৰ সঁজুলি নহয়, বৰং শতিকাজোৰা সামাজিক বৈষম্য, শোষিত মানুহৰ কান্দোন, প্ৰকৃতিৰ প্ৰতি মানুহৰ আকুলতা আৰু মানৱতাৰ চিৰন্তন বাণীৰ এক প্ৰতিধ্বনি।
অসমৰ সাংস্কৃতিক তথা সামাজিক ইতিহাসত জুবিন গাৰ্গ কেৱল এজন প্ৰতিভাৱান গায়ক, সুৰকাৰ বা গীতিকাৰেই নহয়; তেওঁ হ’ল আধুনিক অসমীয়া সমাজ-জীৱনৰ এক সপ্ৰাণ স্পন্দন, সংগ্ৰামৰ সাৰথি আৰু মানৱতাবাদৰ এক শক্তিশালী ধুমুহা। গতানুগতিক প্ৰেম, বিৰহ আৰু প্ৰকৃতিৰ মনোৰম বৰ্ণনাৰে শ্ৰোতাক মুগ্ধ কৰাৰ সমান্তৰালভাৱে তেওঁ নিজৰ কণ্ঠ আৰু সৃষ্টিশীলতাক সমাজৰ অন্যায়, শোষণ, হিংসা আৰু ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে এক তীক্ষ্ণ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। ১৯৯০ৰ দশকৰ অৰাজক পৰিৱেশৰ পৰা আৰম্ভ কৰি একবিংশ শতিকাৰ সাম্প্ৰতিক জটিল সমাজ-ৰাজনৈতিক প্ৰেক্ষাপটলৈকে—জুবিন গাৰ্গৰ প্ৰতিটো গীততেই প্ৰতিফলিত হৈছে মানৱীয় মূল্যবোধ, সমতা আৰু মাতৃভূমিৰ প্ৰতি গভীৰ মমতা। তেওঁৰ সৰ্বমুঠ সৃষ্টিৰ অন্তৰালত সদায় উথলি উঠিছে জীৱনমুখী আৰু মানৱতাবাদী দৰ্শন।
মানৱতাবাদৰ সাৰ্বজনীন প্ৰকাশ- মানৱতাবাদ মানে মানুহৰ প্ৰতি থকা অকৃত্রিম মৰম, সমবেদনা আৰু মানুহৰ মুক্তিৰ বাবে কৰা সংগ্ৰাম। জুবিন গাৰ্গৰ গীতত এই মানৱতাবাদ সৰ্বোচ্চ পৰ্যায়ত প্ৰকাশ পাইছে। তেওঁ জাতি, ধৰ্ম, বৰ্ণ, গোত্ৰ বা ভাষাৰ সংকীৰ্ণ পৰিধিৰ উৰ্ধত গৈ কেৱল ‘মানুহ’ক তেওঁৰ সৃষ্টিৰ কেন্দ্ৰবিন্দু হিচাপে লৈছে।
তেওঁৰ গীতত প্ৰতিফলিত হৈছে নিপীড়িত, বঞ্চিত আৰু সৰসাধাৰণ মানুহৰ সংগ্ৰাম। ধনী-দুখীয়াৰ বৈষম্য, শ্ৰেণীভেদ আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে তেওঁৰ কণ্ঠ সদায় সৰ্বমুৰ্ত্ত হৈছে। মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ, আত্মসন্মান আৰু স্বাধীনতা তেওঁৰ গীতৰ মূল সুৰ।
৯০ৰ দশকৰ সন্ত্ৰাসজৰ্জৰ অসম আৰু শান্তিৰ আৰ্তনাদ- নব্বৈৰ দশকত যেতিয়া সমগ্ৰ অসম উগ্ৰপন্থী সমস্যা, সশস্ত্ৰ সংঘাত, গুপ্তহত্যা আৰু ৰাষ্ট্ৰযন্ত্ৰৰ নিষ্ঠুৰ অভিযানৰ বাৰুদৰ ধোঁৱাৰে আচ্ছন্ন হৈ পৰিছিল, সাধাৰণ মানুহৰ জীৱন শান্তিপূৰ্ণভাৱে জীয়াই থকাটো অসম্ভৱ হৈ পৰিছিল। তেনে এক অমানিশাৰ সময়ত ১৯৯৭ চনত মুক্তি পোৱা জুবিন গাৰ্গৰ ‘মুক্তি’ এলবামে শোষিত আৰু ত্ৰস্ত জনতাৰ বুকুৰ ক্ষোভ আৰু বেদনাক প্ৰকাশ কৰিছিল। বাৰুদৰ দুৰ্গন্ধ আৰু মৃত্যুৰ বিভীষিকাৰ মাজতো তেওঁ সাহসেৰে সন্ত্ৰাসবাদ আৰু শাসকীয় হিংসা দুয়োটাকে প্ৰশ্ন কৰিছিল:
“গুলি-বাৰুদ ধোঁৱা উৰুৱাই,
নিৰপৰাধী শিশুক কন্দুৱাই,
ঘৰে ঘৰে মৰণ নচুৱাই,
কিনো পাবা তুমি কিনো দিবা কোৱা…?”
এই গীতটি কেৱল সুৰৰ মূৰ্চ্ছনা নাছিল, ই আছিল উকা ফায়াৰিং আৰু অশ্ৰুপাতৰ মাজত চিঞৰি উঠা এক বিদ্ৰোহী আত্মাৰ হৃদয়স্পৰ্শী আহ্বান। তেওঁ বিভীষিকাময় অৰাজকতাৰ পৰা মুক্তি বিচাৰি সোণৰ অসম ৰচনা কৰাৰ বাবে আকুল প্ৰাৰ্থনা জনাইছিল:
“শান্তি দিয়া, মুক্তি দিয়া
সোণৰ অসম ৰচিবলৈ,
সেউজ দিয়া, শস্য দিয়া
চিৰকাল ফুলিবলে।”
অন্ধ শাসন আৰু ৰাষ্ট্ৰযন্ত্ৰৰ বৈষম্যক উদঙাই দি তেওঁ মৃত্যু যে কেনেকৈ এটা সুলভ ব্যৱসায় হৈ পৰিছে, তাৰো কৰুণ ছবিতো আঁকিছিল:
“অন্ধ আকাশ, ৰুদ্ধ বতাহ
ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক…
অন্ধ শাসন, ভণ্ড শাসক
অৰ্থ লোভৰ নগ্ন যুঁজত…
মৃত্যু এতিয়া সহজ, মৃত্যু এতিয়া উৎসৱ
মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ?”
হেৰোৱা শৈশৱ আৰু অতীতৰ সৰল সামাজিক ছবিত ব্যাকুলতা- হিংসা আৰু যান্ত্ৰিকতাই মোহাৰি পেলোৱা আমাৰ ঐতিহ্যময় সমাজখনৰ সৰলতাক ঘূৰাই পাবলৈ জুবিন গাৰ্গৰ গীতত এক চিৰন্তন ব্যাকুলতা প্ৰকাশ পাইছে। আধুনিকতাৰ নামত মানুহে হেৰুৱাই পেলোৱা পৰম্পৰাগত সৰল জীৱন, আইতাৰ সাধু আৰু তৰালি সৰা চোতালৰ মনোৰম স্মৃতিবোৰ ঘূৰাই আনিবলৈ তেওঁ সমগ্ৰ পৃথিৱীক কাতৰ অনুৰোধ জনাইছে:
“দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু, তৰালি সৰা চোতাল।
সেইয়াই লাগে আমাক,
নালাগে ওলোটা পৃথিৱী।”
সমাজৰ পৰা শিশুৰ শৈশৱ হৰণ হোৱা আৰু সৰল সুখবোৰ হেৰাই যোৱাৰ যন্ত্ৰণাই শিল্পীগৰাকীক বাৰে বাৰে ভাৰাক্ৰান্ত কৰি তোলে। সেইবাবেই তেওঁ গানৰ জৰিয়তে নিজৰ অনুশোচনা আৰু ব্যাকুলতা প্ৰকাশ কৰি গাই উঠিছিল:
“নিচুকণি গীত মোৰ কেনিনো হেৰালে?
হৃদয় কোণত থান বান…
জ্বলি থকা জেউতি কতেনো নুমালে?
সমিৰত ধুমুহা গান…”
অনৈতিকতা, কৃত্ৰিমতা আৰু ‘মুখাধাৰী’ সমাজৰ বিৰুদ্ধে ধিক্কাৰ- জুবিন গাৰ্গৰ গানত আধুনিক মানুহৰ কৃত্ৰিমতা আৰু ভণ্ডামিৰ বিৰুদ্ধে এক তীব্ৰ কটু সমালোচনা দেখা যায়। সমাজত ভদ্ৰতা আৰু সাধুতাৰ মুখা পিন্ধি অন্তৰালত অনৈতিক কাম-কাজ চলাই থকা মানুহবোৰক তেওঁ সমাজৰ ডাঙৰ ব্যাধি বুলি গণ্য কৰিছে। ইজনে সিজনক ঠগোৱা, মুখাৰ আঁৰত অমানৱীয় লীলা-খেলা চলোৱা শ্ৰেণীটোক উদ্দেশ্যি তেওঁৰ তীক্ষ্ণ প্ৰশ্ন:
“মুখা মুখা, কিয় পিন্ধা এই মুখা?
ঘনে ঘনে তুমি ৰূপ সলোৱা;
কোনোবা যে তোমাৰ বাবে ৰৈ থকা,
তুমি চাগে কাহানিও নেদেখা।
মুখাৰে আঁৰতে কত খেলা,
মুখাৰে আঁৰতে কত লীলা,
মুখাৰে আঁৰত কত মিছা;
মুখাৰে আঁৰত জীয়াবা কিমান?”
মানৱীয় প্ৰমূল্যবোধ মোহাৰি কেৱল স্বাৰ্থপৰতা আৰু ভুৱা আড়ম্বৰত নিমজ্জিত হৈ থকা এই ‘মুখাধাৰী’ সমাজক উদঙাই দেখুৱাই তেওঁ সঁচা অৰ্থত মানৱতাক পুনৰুজ্জীৱিত কৰাৰ আহ্বান জনাইছে।
ধৰ্মীয় মেৰুকৰণ, ৰাজনৈতিক ভণ্ডামি আৰু প্ৰতিবাদী জনতা- সাম্প্ৰতিক সময়ত দেশ তথা অসমৰ সামাজিক দৃশ্যপটত ধৰ্ম আৰু ৰাজনীতিৰ কদৰ্য মিশ্ৰণে যি বিষাক্ত পৰিৱেশ সৃষ্টি কৰিছে, তাৰ বিৰুদ্ধে জুবিন গাৰ্গ এজন প্ৰতিবাদী স্তম্ভ হৈ থিয় দিছে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰা “জাতি-মাটি-ভেটি”ৰ শ্লোগান আৰু মন্দিৰ-মছজিদৰ নামত চলোৱা ৰাজনীতিৰ অন্তৰালত থকা ভণ্ডামিক তেওঁ ‘পলিটিক্স নকৰিবা বন্ধু’ গীতৰ জৰিয়তে ধুলিসাৎ কৰিছে:
“…পলিটিক্স নকৰিবা বন্ধু,
জাতি মাটি ভেটি
আৰু প্ৰগতি
জাতি জনগোষ্ঠী
আছ লুটি পুতি।
মন্দিৰ মজ্জিদ
সেৱা কৰি লাভ নাই,
সৌ—জনো সন্মুখত
হাঁহি মাৰি সাৰি যায়,
জানি লবি সবে
তহঁতৰো আহি আছে কাল,
আমি মহা কাল
পলিটিক্স নকৰিবা বন্ধু…।”
ধৰ্মীয় গোঁড়ামী আৰু সাম্প্ৰদায়িক মেৰুকৰণক প্ৰশ্ৰয় নিদি তেওঁ স্পষ্ট কৰি দিয়ে যে শোষিত আৰু প্ৰতাৰিত জনতা যেতিয়া একত্ৰিত হ’ব, তেতিয়া তেওঁলোক অসৎ শাসক আৰু সুবিধাবাদীৰ বাবে “মহাকাল” হৈ পৰিব।
খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আৰু জাতীয় সংকটে আনি দিয়া একতা- অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আৰু খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰশ্নত জুবিন গাৰ্গ সদায় জনতাৰ আগশাৰীত অৱস্থান কৰি আহিছে। নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ সময়ত বা খিলঞ্জীয়াৰ খোপনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁ ‘জোনাকী মন’ (২০০৮) এলবামৰ ‘হুৰ হুৰ হুৰাই দে’ গীতটোৰে প্ৰতিবাদী বতাহ সৃষ্টি কৰিছিল:
“হুৰ হুৰ হুৰ হুৰ হুৰ হুৰাই দে
আপোন পথাৰখন মোকলাই নে…
নমতা আলহী চোতাল ভৰিছে
ঘৰে পথাৰে তোৰ খোপনি পুতিছে
থলুৱাৰ পৰিচয় নৰবগৈ
থলুৱা বুলি তোৰ চিনাকী দে…
কোনবা কোঁচ কোন জন ভূঞা
কোন আদিবাসী নে পাহাৰীয়া
ধৰি ল’ জোৰকৈ একেডাল জৰী
খিলঞ্জীয়া অসমীয়া…”
গীতটিত অতি স্পষ্টভাৱে অনাধিকাৰ প্ৰৱেশকাৰীৰ ভয়াবহতা উদঙাই দিয়াৰ লগতে অসমৰ কাৰ্বি, মিচিং, কোঁচ, ভূঞা, আদিবাসী, পাহাৰীয়া—সকলো ক্ষুদ্র-বৃহৎ জনগোষ্ঠীক সংঘাত পাহৰি “একেডাল জৰী”ত বান্ধ খাই খিলঞ্জীয়া অসমীয়া হিচাপে একত্ৰিত হ’বলৈ শক্তিশালী আহ্বান জনোৱা হৈছে।
প্ৰাকৃতিক দুৰ্যোগ, জনজীৱনৰ যন্ত্ৰণা আৰু সহানুভূতি- কেৱল ৰাজনৈতিক বা ধৰ্মীয় সমস্যাই নহয়, অসমীয়া সমাজৰ চিৰন্তন অভিশাপ ‘বানপানী’ আৰু ইয়াৰ ধ্বংসলীলাই সৃষ্টি কৰা দুৰ্দশাইও জুবিন গাৰ্গৰ সুৰত স্থান পাইছে। দিগন্ত ভাৰতীৰ কথা আৰু সুৰেৰে গায়কে কণ্ঠদান কৰা ‘কেউফালে গুজৰি গুমৰি বান’ গীতটিত অসমৰ গ্ৰামীণ জনজীৱনৰ অকৃত্রিম কৰুণ ছৱি প্ৰকাশ পাইছে:
“কেউফালে গুজৰি গুমৰি বান
উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন।
পলকতে উটি গল গোহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল।”
বানপানীত নিজৰ ভেটি-মাটি, গৰু-ছাগলী হেৰুৱাই কঙাল হৈ পৰি নিঃস্ব খেতিয়কসকলৰ বাবে ই কেৱল এটা গীত নাছিল, ই আছিল গ্ৰামীণ অসমৰ বুকুত ঘটি থকা মৰ্মভেদী বাস্তৱৰ সুৰীয়া দলিল
“শান্তি দিয়া, মুক্তি দিয়া
সোণৰ অসম ৰচিবলৈ,
সেউজ দিয়া, শস্য দিয়া
চিৰকাল ফুলিবলে।”
সামৰণিত ক’ব পাৰি যে, জুবিন গাৰ্গ এজন কেৱল কণ্ঠশিল্পী হৈ থকা নাই; তেওঁ হৈ পৰিছে জনতাৰ কণ্ঠ। ৯০ৰ দশকৰ বাৰুদৰ ধোঁৱাৰে ভৰা অন্ধকাৰ নিশাৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ কৃত্ৰিমতা, ধৰ্মীয় বিদ্বেষ আৰু অস্তিত্বৰ সংকটলৈকে—প্ৰতিটো ঢৌতে তেওঁ গানৰ জৰিয়তে সমাজখনক সঠিক দিশ দেখুৱাইছে। তেওঁৰ গীতত উচ্চ-নীচ, ধৰ্ম-সম্প্ৰদায়ৰ কোনো প্ৰাচীৰ নাই; আছে কেৱল আকুল মানৱতা, স্বদেশপ্ৰেম আৰু এটা নতুন পোহৰৰ পুৱা গঢ়াৰ দৃঢ় সংকল্প। অনাগত বহু প্ৰজন্মলৈ জুবিন গাৰ্গৰ এই মানৱতাবাদী সুৰ আৰু বিদ্ৰোহী গানবোৰে অসমীয়া সমাজখনক জীয়াই থকাৰ আৰু সংগ্ৰাম কৰাৰ প্ৰেৰণা যোগাই থাকিব।
