ৰাজনীতিৰ কথা নাহে, মাজুলীৰ দলংখন অত্যন্ত সাৱধানতাৰে নিৰ্মাণ কৰিব লাগিব – কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল

pc The Sentinel Assam

ৰাজনীতিৰ কথা নাহে, মাজুলীৰ দলংখন অত্যন্ত সাৱধানতাৰে নিৰ্মাণ কৰিব লাগিব – কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ সদ্যপ্রাক্তন মূখ্যমন্ত্ৰী তথা বৰ্ত্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীবাসীৰ লগতে অসমবাসীক এইবুলি প্রতিশ্রুতি দিয়ে যে অন্য দলঙৰ তুলনাত এই দলংখনৰ কাম সোনকালে সম্পূর্ণ হ’ব। সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাটোৰ পাছত বিভিন্ন পক্ষই মাজুলীলৈ নিৰ্মীয়মাণ দলংখন সম্পূর্ণ নোহোৱাৰ বাবে পূৰ্বৰ চৰকাৰখনক কৰা সমালোচনাৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ এই ক্ষোভভৰা মন্তব্যক সমৰ্থন কৰি কয় যে চৰকাৰেও দলংখন সোনকালে নির্মাণ হোৱাটো বিচাৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট-মাজুলী সংযোজিত দলংখনৰ প্ৰসংগত উল্লেখ কৰি কয়— ‘ৰাজনীতিৰ কথা নাহে, মাজুলীৰ দলংখন অত্যন্ত সাৱধানতাৰে নিৰ্মাণ কৰিব লাগিব। কাৰণ ইয়াৰ জৰিয়তে মাজুলীলৈ স্থায়ী যাতায়াত ব্যৱস্থাৰ কথা আছে। এই দলংখন নিৰ্মাণত আমাৰ আন্তৰিকতা আছে। আমি লাগি আছো আৰু ভৱিষ্যতেও লাগি থাকিম, দলংখনৰ কাম সোনকালে সম্পূৰ্ণ কৰিব লাগিব।’ উল্লেখ্য যে নিমাতীঘাটত সংঘটিত হোৱা শোকাৱহ ফেৰী দুৰ্ঘটনাত ব্যথিত হৈ পৰা মাজুলীৰ বিধায়ক তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দুর্ঘটনাত আক্রান্ত লোকসকলৰ খা-খবৰ লোৱাৰ বাবে দিল্লীৰ পৰা ততাতৈয়াকৈ আহি গুৱাহাটীত উপস্থিত হয় আৰু পাছদিনা পুৱাই তেওঁ গুৱাহাটীৰ পৰা মাজুলীলৈ ৰাওনা হয়। গুৱাহাটীত উপস্থিত হৈয়েই কেন্দ্ৰীয় জাহাজ দপ্তৰৰ মন্ত্ৰী গৰাকীয়ে কয় যে ভৱিষ্যতে যাতে এনে শোকাবহ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি সকলো পক্ষই সচেষ্ট হ’ব লাগিব। মাজুলীত দলং নিৰ্মাণ হ’বই বুলি মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অহা চাৰি বছৰত দলংখন সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো ত্রুটি কৰা নহ’ব। ইতিমধ্যে দলং নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰা কনষ্ট্রাকচন কোম্পানীটোৱে মাজুলী আৰু যোৰহাটত বাহৰ পাতিছে আৰু যোৰহাট তথা মাজুলী জিলাত দলংখনৰ দুয়োমূৰ সংযোজিত এলেকাত প্রয়োজনীয় মাটিও অধিগ্ৰহণ কৰা হৈছে। দলং নিৰ্মাণৰ পূৰ্বে প্ৰয়োজনীয় পথ আদি নিৰ্মাণৰ কাম-কাজৰ ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ হৈছে বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দলংখন নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে দায়বদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

(UD.)