লোকসভাত তিনি ঐতিহাসিক বিধেয়ক উত্থাপন

Pc The Hindu

লোকসভাত তিনি ঐতিহাসিক বিধেয়ক উত্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় চৰকাৰে সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনত  তিনিখন বিধেয়ক গৃহীত কৰিবলৈ বিচাৰিছে। মহিলাৰ আসন সংৰক্ষণৰ বাবে ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক, লোকসভাৰ সাংসদৰ সংখ্যা বঢ়াই ৮৫০ কৰাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক আৰু কেন্দ্রীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। প্রায় ১২ ঘণ্টা আলোচনাৰ পিছত শুকুৰবাৰে বিয়লি এই তিনিওখন ঐতিহাসিক বিধেয়ক সন্দর্ভত ভোটগ্রহণ অনুষ্ঠিত হ’ব পাৰে সংসদৰ নিম্ন সদনত। এই বিধেয়ককেইখন লোকসভাত উত্থাপন কৰা হ’বনে নাই তাক লৈও ভোট হয় সদনৰ মজিয়াত। এই ভোট গ্রহণত সপক্ষে ২৫১জন সাংসদে আৰু বিপক্ষে ১৮৫জন সাংসদে নিজৰ মত আগবঢ়ায়। সংসদৰ অধিৱেশন আৰম্ভহোৱাৰ পূৰ্বে বৃহস্পতিবাৰে পুৱাতে সামাজিক মাধ্যম যোগে এক বার্তা পোষ্ট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাৰী সবলীকৰণক লৈ তেওঁ বার্তা দিয়ে। তেওঁৰ ভাষাত- নাৰী সবলীকৰণৰ বাবে ঐতিহাসিক পদক্ষেপ ল’বলৈ আগবঢ়া হৈছে সংসদৰ বিশেষ অধিৱেশনত। মহিলা সংৰক্ষণৰ বিধেয়কৰ উদ্দেশ্যক লৈ যেতিয়া বিৰোধী শিবিৰৰ সমালোচনা আৰু প্ৰশ্নৰ সন্মুখীন হয় মোদী চৰকাৰখন, তেনে সময়তে প্ৰধানমন্ত্ৰীৰ এই বার্তা যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। কেন্দ্রই উত্থাপন কৰা তিনিখন বিধেয়কৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে বিধেয়কখনক লৈ প্রশ্ন তুলিছে বিৰোধী দলসমূহে। এই বিধেয়কখনৰ জৰিয়তে লোকসভাৰ সাংসদৰ সংখ্যা বঢ়াই ৮৫০ কৰিবলৈ বিচাৰিছে কেন্দ্ৰই। একেই হাৰত বৃদ্ধি পাব বিধানসভা সমষ্টিৰ সংখ্যাও। সংসদৰ বিশেষ অধিৱেশনত উপস্থিত থাকি  প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দি কয়- ‘যিসকলে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছে মহিলাসকলে তেওঁলোকক ক্ষমা নকৰিব। এই বিৰোধিতাৰ বাবে তেওঁলোকে ‘দীর্ঘ সময়লৈ মূল্য পৰিশোধ’ কৰি থাকিব লাগিব। দেশৰ ভগ্নীসকলৰ ওপৰত আস্থা ৰাখক। লোকসভাত তেওঁলোকৰ ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰক।’ কোনো নির্দিষ্ট দলৰ নাম উল্লেখ নকৰাকৈ প্রধানমন্ত্রীয়ে কয় যে মহিলা বিধেয়কৰ বিৰোধিতা কৰিছে এটি দলে। ভোটৰ সময়ত যিসকলে ইয়াৰ বিৰোধিতা কৰিছে মানুহে তাৰ উত্তৰ দিছে। এয়া সকলোৰে সাফল্যৰ ফচল। এয়া সমগ্ৰ দেশৰ সাফল্য। এয়া কোনো এটা দলৰ জয়ী নহয়। তেওঁ লগতে উল্লেখ কৰে যে এয়া মহিলাসকলৰ বাবে পক্ষপাতিত্ব নহয়। এয়া তেওঁলোকৰ অধিকাৰ। আহক আমি সকলোৱে মহিলাসকলৰ বাবে কিবা কৰিবলৈ চিন্তা কৰোঁ। এয়া তেওঁলোকৰ অধিকাৰ। আমি ইয়াক দশক জুৰি বিলম্বিত কৰি ৰাখিছোঁ। প্রধানমন্ত্রী মোদীয়ে প্ৰস্তাৱিত পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কোনো ৰাজ্যই বৈষম্যৰ সন্মুখীন হ’ব নালাগে আৰু তেওঁ লগতে সকলো দললৈ এই বিধেয়ককেইখনক সমর্থন জনাবলৈ আহ্বান জনায়। তেওঁ কয় যে এই সিদ্ধান্তক ৰাজনৈতিক চছমাৰে চোৱা উচিত নহয়। তাৰ সলনি দেশৰ ভৱিষ্যতৰ বাবে এটা পদক্ষেপ হিচাপে ইয়াক গণ্য কৰা উচিত। বিৰোধী পক্ষক এই বিধেয়কসমূহলৈ সমর্থন আগবঢ়াই এক বিৰল সুযোগ গ্রহণ কৰিবলৈ আহ্বান জনায়। তেওঁ খুহুতীয়া সুৰত কয় ‘মই আপোনালোকক এখন ব্লেংক চেক দিবলৈ সাজু আছোঁ। সকলোৱে এই কৃতিত্ব লওক।’ প্ৰধানমন্ত্ৰীৰ মতে, ‘‘সংসদৰ ইতিহাসত এইটো এটা অনন্য মুহূৰ্ত। ভাৰতে এক নতুন ইতিহাস ৰচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে।’’ মহিলা সংৰক্ষণ বিধেয়কখনক ৰাজনৈতিক ৰং নিদিবলৈ বিৰোধীক আহ্বান জনায় প্রধানমন্ত্ৰী মোদীয়ে। যিসকলে ইয়াক লৈ ৰাজনীতি কৰিছে, তেওঁলোকক যোৱা ৩০ বছৰৰ নিজৰ কাম-কাজৰ খতিয়ান চাবলৈ মোদীয়ে পৰামৰ্শ দিয়ে। প্রধানমন্ত্ৰীয়ে কয় যে তেওঁ সকলো দলৰ সৈতে আলোচনা কৰিছে আৰু কোনো দলেই নীতিগতভাৱে ইয়াৰ বিৰোধিতা কৰা নাই। তেওঁ বিৰোধীক এগৰাকী বন্ধু হিচাপে পৰামৰ্শ দি কয় যে সকলোৱে মিলি আগবাঢ়িলে ইতিহাসত দেশৰ সেৱাৰ বাবে সকলোৰে নাম স্মৰণীয় হৈ থাকিব। প্ৰধানমন্ত্ৰীৰ মতে এই বিতৰ্ক হৈছে এক ‘মন্থন’, যাৰ পৰা ওলাই অহা অমৃতে দেশৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিব। আনহাতে সংসদত যি তিনিখন বিধেয়ক উত্থাপন কৰা হৈছে তাৰ খচৰা মঙলবাৰেই পঠিওৱা হয় সাংসদসকলৰ ওচৰলৈ। উভয় সদনতে এই বিধেয়ককেইখন গৃহীত হ’লে আৰু ৰাষ্ট্ৰপতিৰ অনুমোদন পালে লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ৰ পৰা বৃদ্ধি পাই ৮৫০ হ’ব পাৰে। তাত এক তৃতীয়াংশ আসন সংৰক্ষিত থাকিব মহিলাসকলৰ বাবে। ২০২৩ চনত নাৰী শক্তিবন্দন অধিনিয়ম বিধেয়ক গৃহীত হৈছিল লোকসভা আৰু ৰাজ্যসভাত। মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ কথা সেই বিধেয়কখনত কোৱা হৈছিল যে লোকপিয়লৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব। তাৰ পিছত এই আসনৰ ৩৩ শতাংশ সংৰক্ষণ কৰা হ’ব মহিলাসকলৰ বাবে। কিন্তু এতিয়া কেন্দ্রই লোকপিয়ল লৈকে অপেক্ষা নকৰাত কংগ্ৰেছ, তৃণমূল, ডিএমকেসহ বিৰোধী দলসমূহে প্রশ্ন তুলিছে। এই সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বুধবাৰে ডিএমকে নেতাসকলক লৈ এখন জৰুৰী বৈঠকত বহিছিল তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বৃহস্পতিবাৰে পুৱা বিধেয়কৰ খচৰা দাহ কৰে তেওঁলোকে।