পৱন খেড়াৰ জামিনত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

Pc The Hawk

পৱন খেড়াৰ জামিনত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- তেলংগানা উচ্চ ন্যায়ালয়ে কংগ্রেছ নেতা তথা ৰাষ্ট্ৰীয় মুখপাত্র পৱন খেড়াক প্ৰদান কৰা অন্তর্বর্তীকালীন জামিনৰ নিৰ্দেশত বুধবাৰে উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত খেড়াৰ বাবে এই আইনী বিবাদৰ সূত্রপাত ঘটিছিল। ৰিণিকি ভূঞা শৰ্মাৰ হাতত একাধিক দেশৰ পাছপোর্ট থকা বুলি খেড়াই ভুৱা তথ্যৰে কৰা অপপ্ৰচাৰৰ পাছতেই গুৱাহাটীত এই গোচৰটো ৰুজু কৰা হৈছিল। বুধবাৰে অসম চৰকাৰে জনোৱা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ জে কে মাহেশ্বৰী আৰু ন্যায়াধীশ এ এছ চান্দুৰকাৰৰ দুজনীয়া বিচাৰপীঠে ১০ এপ্রিলত তেলংগানা উচ্চ ন্যায়ালয়ে দিয়া নির্দেশনাক লৈ তীব্র বিস্ময় প্রকাশ কৰে। বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে তেলেংগানা উচ্চ ন্যায়ালয়ে খেড়াক প্ৰদান কৰা অন্তৰ্বর্তীকালীন সকাহে তেওঁলোকক আচৰিত কৰিছে। এই পৰিপ্ৰেক্ষিতত সর্বোচ্চ ন্যায়ালয়ে খেড়ালে জাননী জাৰি কৰাৰ লগতে পূৰ্বৰ সুৰক্ষামূলক নির্দেশটো স্থগিত ৰাখে। অৱশ্যে শীর্ষ আদালতে এটা কথা স্পষ্ট কৰি দিয়ে যে যদিহে কংগ্রেছ নেতাগৰাকীয়ে বিচাৰে, তেন্তে তেওঁ অসমৰ কোনো উপযুক্ত আদালতত অগ্রিম জামিনৰ বাবে আবেদন কৰিব পাৰিব আৰু উচ্চতম ন্যায়ালয়ৰ এই স্থগিতাদেশে তেওঁৰ সেই আইনী অধিকাৰত কোনো নেতিবাচক প্রভাৱ নেপেলাব। মন কৰিবলগীয়া যে অসম চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি দর্শাই ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চ ন্যায়ালয়ৰ অন্তৰ্বর্তীকালীন সুৰক্ষাৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁৰ অভিযোগ-খেড়াই ভুৱা নথিপত্ৰৰ সহায় লৈ আদালতৰ কাষ চাপিছিল। মেহতাই আৰু কয় যে অসমত পঞ্জীয়ন হোৱা এক গোচৰৰ বাবে তেলংগানা উচ্চ ন্যায়ালয়ৰ পৰা সুৰক্ষা বিচৰাটো দৰাচলতে ন্যায়িক প্ৰক্ৰিয়াৰ অপব্যৱহাৰ আৰু ইয়াক একপ্ৰকাৰৰ ‘ফ’ৰাম শ্বপিং’ বা নিজৰ সুবিধা অনুযায়ী আদালত বাছনি কৰা বুলি অভিহিত কৰিব পাৰি। খেড়াৰ আধাৰ কাৰ্ডত তেওঁৰ বাসগৃহ দিল্লী বুলি উল্লেখ থকাৰ পিছতো হায়দৰাবাদস্থিত আদালতৰ কাষ চপা কার্যক লৈও তেওঁ প্রশ্ন উত্থাপন কৰে।উল্লেখ্য যে যোৱা ৪ এপ্রিলত খেড়াই সম্বোধন কৰা এক সংবাদ মেলৰ পিছৰে পৰা কংগ্রেছ নেতাজনে আইনী প্রত্যাহ্বানৰ সন্মুখীন হৈছিল। দিল্লীত সম্বোধন কৰা সংবাদ মেলত খেড়াৰ অভিযোগ আছিল যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী তিনিখন বিদেশী ৰাষ্ট্ৰৰ পাছপোৰ্টৰ গৰাকী। ইয়াৰ পিছতেই ৫ এপ্রিলত মুখ্যমন্ত্ৰীৰ পত্নীৰ অভিযোগমর্মে গুৱাহাটী ক্রাইম ব্রাঞ্চে খেড়াৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰে আৰু ৭ এপ্ৰিলত দিল্লীত থকা তেওঁৰ বাসগৃহত তালাচী অভিযান চলায়।