ঠিকনা হেৰুৱা পক্ষী – হৰেন কপ্তাক

Pc StockCake

ঠিকনা হেৰুৱা পক্ষী

হৰেন কপ্তাক

ঘন আন্ধাৰৰ মাজ বাটত
দিগ্-বিদিগ হেৰুৱায়
কেঁচা টোপনিৰ সপোন এটি,
শিল এচটা হৈ ফাটি আহে
বুকুৰ হুমুনিয়াহ!
ইফাল-সিফাল কৰি হাত মেলি ফুৰোঁ
বেজি এডাল বিচাৰি,
ঠিকনা হেৰুৱা পক্ষী হৈ উৰে
যাযাবৰী মন এটি
অচিন ৰাতিৰ চিনাকী সুৰ এটি হৈ
ভাঁহি আহে উইচিৰিঙাৰ মাত
ঠিকনাহীন নদীখনেও উৰে ৰাতি বৈ যায়
নিজৰ ঠিকনা বিচাৰি
ছন পৰা শব্দবোৰে গুঁজৰি গুমৰি
কবিতাৰ ঘৰ এটিত বাহ লয়
উদং বুকুৰ চৰণীয়া পথাৰত
দিহিঙে-দিপাঙে ঘূৰি-ফুৰে
অবুজ যন্ত্ৰণাৰ অন্তহীন বেদনা !