সুখ বিচাৰি পালোঁ মাথোঁ দুখ
কিশোৰ দাস
বাক্সা আঠিয়াবাৰী
সুখ বিচাৰি সোমালো গৈ
এটি দুখৰ গুহাত !
সুখ বিচাৰি যিমানেই
আগুৱাই যাওঁ
সিমানেই মাথোঁ দুখ পাওঁ।
নাই ক’তো এটি ৰন্ধ্ৰ
আছে মাথোঁ দুখ বিষাদ।
সুখ বিচাৰি পালোঁ মাথোঁ দুখ
সুখ বিচাৰি মেলিলোঁ
এখনি দুখৰ নদীত নাওঁ।
য’ত দুখৰ অম্বুৰ সোঁত বয়
আছে তাত দুখৰ বালিচন্দা
বিষাদৰ শিলগুটি!
দুখৰ গধুৰতাত
নাওঁ নেযায় আগুৱাই।
সুখ বিচাৰি পালোঁ মাথোঁ দুখ!
