অচিনা বাটৰ কথা – নিৰঞ্জন ঠেঙাল 

Pc StockCake

অচিনা বাটৰ কথা

নিৰঞ্জন ঠেঙাল 
গোলাঘাট, টেঙানী

কোনোটো অধ্যায়তে নৰৱ
আমাৰ চিন,
আমাৰ অস্তিত্ব।
মই জ্বলি ছাঁই হ’লেই সমাপ্ত হ’ব
এটি কালময়ী গাথা।
মোৰ জীৱন্তে কৈ যাম পৰিৱেশক,
মোক মেৰাই ৰখা সেউজীয়াক,
মই কেৱল তেওঁৰ..
সৰ্বত্ৰ অহংকাৰেৰে…..!
যদি কেতিয়াবা, কোনোবাক্ষণত,কোনো
আৰোহীৰ আগমন ঘটে
মই উৰি যাম বৰদৈচিলা হৈ,
মেলি দিম মোৰ বেদনাত জৰ্জৰিত দুবাহু
মাথোঁ মই থকালৈ……!
ঘটি যাব দূৰ্ঘটনা,
তেওঁ দি যাব মোক অপবাদৰ লাঞ্ছনা।
তাৰ পাছত নাথাকে একো,
বন্ধ হৈ পৰিব সোণালী স্মৃতিৰ দুৱাৰ…
মোৰ উশাহ,
মোৰ জীৱন।
নৱ আৰোহীয়ে আঘাত নোপোৱাকৈ থৈ যাওঁ,
কৈ যাওঁ এষাৰি কথা —
মোৰ পৰা তেওঁলৈ যাবলৈ তেনেই সহজ,
কিন্তু নোৱাৰিবা আহিবলৈ তেওঁৰ পৰা মোলৈ উভতি…..
মই যে নাথাকিম,
মইতো শ্মশানৰ ধোঁৱাসিক্ত ছাঁই
ক’ত পাবা মোৰ সন্ধান!
মৰি যোৱা শব্দৰ গোঁহাত?