বুকুৰ শূন্যতা
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
ফুলিব ধৰোঁতে কিয় সৰি পৰিলা?
সযতনে ৰখাৰ অশেষ কষ্ট কৰিছিলোঁ
ৰাখিবলৈ সুবিধাই নিদিলা।
এচাতি পোহৰ হৈ ধৰালৈ নামি আহিছিলা
আকাশৰ পৰা সৰি পৰিছিল আনন্দৰ বৰষুণ,
সেই সময় খন্তেকীয়া আছিল।
সপোনবোৰ বাস্তৱত পৰিণত নহ’ল
চিৰদিন এজাক ধুমুহা হৈ বলি ৰ’ল
হৃদয়ৰ অন্তস্থ কোণত।
দিন বাগৰি গ’ল
বুকুৰ কেঁচা ঘাঁ টুকুৰা বাঢ়ি গৈ থাকিল,
কোনো চিকিৎসকে শুকুৱাব নোৱাৰা এটুকুৰা ঘাঁ।
কেতিয়াবা বাধ্যত পৰি সময়বোৰো নিষ্ঠুৰ হয়,
নভবাকৈয়ে বিয়োগ হৈ শূন্যতাই হেঁচুকি ধৰে
যোগ হ’বলৈ কিন্তু কোনো সংখ্যাই নাথাকে।
আকাশৰ বুকুৱে সামৰি ৰাখিছে তোমাক
হিয়া উজাৰি আলফুলে,
তৰাৰ দেশত উজলি উঠা ৰঙীন বোলেৰে।
