আঘাতপ্ৰাপ্ত হৈ আইপিএলৰ পৰা বাহিৰ খলিল আহমেদ

Pc CricTracker

আঘাতপ্ৰাপ্ত হৈ আইপিএলৰ পৰা বাহিৰ খলিল আহমেদ

ৰঙিলী বাৰ্ত্তাসেৱা-  চেন্নাই ছুপাৰ কিংছৰ শিবিৰত এক মোক্ষম আঘাত। দলটোৰ তাৰকা পেচ বলাৰ খলিল আহমেদ আঘাত প্ৰাপ্ত হৈ প্রতিযোগিতাখনৰ পৰা বাহিৰ হয়। যোৱা ১৪ এপ্রিলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে খেলা মেচখনত খলিল আহমেদে সোঁ ভৰিৰ উৰুত আঘাত পাইছিল। মেচখনৰ কলকাতাৰ ইনিংছৰ সপ্তদশ অ’ভাৰটোৰ অন্তিমটো বল কৰাৰ সময়ত সোঁ ভৰিৰ উৰুত অস্বস্তি অনুভৱ কৰে। এই আঘাতৰ বাবে খলিলে অন্তিমটো বল কৰিবলৈ সক্ষম নহ’ল। তেওঁ লগে লগে খেলপথাৰ ত্যাগ কৰে। এই আঘাতৰ বাবে পেচ বলাৰগৰাকীয়ে অতিকমেও ১০-১২ সপ্তাহ খেলপথাৰৰ পৰা আঁতৰি থাকিব লাগিব বুলি চিএছকেৰ এক বিবৃতিত এই কথা সদৰী।