ৰাজনীতিয়ে কিদৰে ধ্বংস কৰিছে ছাত্ৰক – দুলাল বৰা 

Pc Unsplash

ৰাজনীতিয়ে কিদৰে ধ্বংস কৰিছে ছাত্ৰক

দুলাল বৰা 
বিশ্বনাথ চাৰিআলি 

দেশৰ শাসন-সম্বন্ধীয় নীতি-নিয়ম, মতবাদ আদিকে ৰাজনীতি বোলা হয়। গতিকে কোনো নাগৰিকে ৰাজনীতিৰ পৰা আঁতৰি থাকিব নোৱাৰে। স্বাধীন আৰু গণতান্ত্রিক দেশত কোনো নাগৰিকে ৰাজনীতিৰপৰা আঁতৰি থকাৰ প্ৰশ্নই উঠিব নোৱাৰে। তেনেহ’লে ছাত্ৰসকলেও সক্ৰিয় হৈ ৰাজনীতিত নামিব লাগিব নেকি? ই এটা বিতৰ্কৰ বিষয় হৈ পৰিছে।

ৰাজনীতিবিদ, শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ মাজতেই এই বিষয়ে দ্বিমত দেখা যায়। ইয়াক সমৰ্থন নকৰা সকলৰ যুক্তি হ’ল—ছাত্ৰসকলৰ বুদ্ধি-বৃত্তি পৈণত নহয়। বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ কোনটো ভাল, কোনটো বেয়া ছাত্ৰই বুজিব নোৱাৰে। এবাৰ ৰাজনীতিৰ নিচা সোমালে তাৰপৰা ওলাই অহা টান হয়, ফলত ছাত্ৰৰ মূল কর্তব্য অধ্যয়নত অভাৱনীয় ধৰণৰ বাধা আহি পৰে। স্কুল-কলেজসমূহ সক্ৰিয় ৰাজনীতিৰ কৰ্মক্ষেত্ৰ নহয়। উপযুক্ত শিক্ষা লাভৰ অন্তত পৰিণত বয়সত ৰাজনীতি কৰাত বাধা নাই।

আন পক্ষই যুক্তি দর্শায় যে ছাত্ৰ-জীৱনটো ভৱিষ্যৎ জীৱনৰ প্ৰস্তুতিৰ সময়, গতিকে ছাত্রসকল দেশৰ ৰাজনীতিৰ প্ৰতি সচেতন হোৱাৰ পৰা অনিষ্ট নহৈ  সাধনহে হ’ব। আমাৰ দেশৰ শিক্ষিত লোকসকলৰ অধিকাংশই চৰকাৰী নাইবা অৰ্ধচৰকাৰী চাকৰি কৰে ; সৰ্বসাধাৰণ ৰাইজ খেতিয়ক আৰু বৃত্তিয়াল। এওঁলোকৰ মাজত শিক্ষা-দীক্ষাৰ অভাৱ আৰু ৰাজনৈতিকভাৱেও এওঁলোক সংগঠিত নহয়। এনে পৰিস্থিতিত ছাত্ৰসকলে ৰাজনীতিত নমাটোহে উচিত বুলি এওঁলোকে অভিমত দিয়ে।

দেখা যায়, দুয়ো পক্ষৰে কথাত যুক্তি আছে। ছাত্ৰৰ ৰাজনীতি চৰ্চাত মূলতঃ কাৰো আপত্তি নাই, যদিহে তাৰপৰা মুখ্য কর্তব্য অধ্যয়নত ব্যাঘাত নহয়। ছাত্রই দলীয় ৰাজনীতিত নমাটো কোনেও নিবিচাৰে। দেশৰ আভ্যন্তৰীণ ৰাজনীতিত দেখা দিয়া অন্যায় আৰু দুৰ্নীতিৰ বিৰুদ্ধে জনমত গঠন কৰি ছাত্ৰসকলে তাৰ প্ৰতিবাদ কৰিব লাগিব। কোনো বহিৰাগত শত্ৰুৰ আক্ৰমণত দেশৰ স্বাধীনতা বিপদাপন্ন হ’লে ছাত্ৰসকলে নিজস্ব ক্ষতি কৰি হ’লেও তাৰ বিৰুদ্ধে সংগ্ৰামত নামিবই লাগিব। ভাৰতীয় ছাত্ৰৰ এনে ঐতিহ্য আছে। ছাত্ৰৰ ৰাজনীতি চৰ্চা যদি ছাত্ৰ তথা দেশৰ কাৰণে ক্ষতিকাৰক, তেনেহ’লে তাৰ বাবে অকল ছাত্ৰসকলকে জগৰীয়া কৰিলে নহ’ব, বৰং তাৰ বাবে আমাৰ ৰাজনৈতিক দলসমূহহে অধিক দায়ী। প্রশাসনীয় দলকে ধৰি প্ৰত্যেকটো ৰাজনৈতিক দলৰ যুৱ ৰাজনৈতিক দল ওলমি থকা বাবে ছাত্ৰসকলৰ মাজত অনৈক্যৰ সৃষ্টি হৈছে। ছাত্ৰসকলক দলীয় ৰাজনীতিৰ কু-চক্ৰৰপৰা আঁতৰাই ৰাখিবলৈ হ’লে আমাৰ শিক্ষা-ব্যৱস্থাও নিকা আৰু ত্রুটিমুক্ত হ’ব লাগিব। সর্বোপৰি দেশৰপৰা অৰ্থনৈতিক শোষণ আৰু বৈষম্য দূৰ হ’ব লাগিব।

পিতৃ-মাতৃয়ে সন্তান-সন্ততিৰপৰা বহুতো আশা কৰাৰ নিচিনা দেশমাতৃয়েও ছাত্ৰ-ছাত্ৰীৰপৰা অনেক কিছু আশা কৰে। এই প্ৰাণোচ্ছল ছাত্ৰ-শক্তিৰ যাতে অপচয় নহয়, তাৰ বাবে দেশৰ প্ৰত্যেক নাগৰিকে চিন্তা কৰা উচিত।অন্য হাতে ৰাজনীতিবিদ সকল গঢ় লৈ উঠে ছাত্ৰজীৱনক প্ৰাৰম্ভিক ভেটি হিচাপে লৈ। এই ক্ষেত্ৰত ছাত্ৰ সমাজে সদায় সচেতন হৈ কাম কৰি যাব লাগে যাতে সমাজ জীৱনত তথা তেওঁলোকৰ জীৱনত ৰাজনীতিয়ে কোনো ধৰণৰ কুপ্ৰভাৱ নেপেলায়। এহাতে ছাত্ৰ জীৱনৰ ভৱিষ্যতক লৈ ৰাজনীতিত নামিলে কোনোদিনে শিক্ষাৰ সঠিক দিশত উপনীত হ’বলৈ ছাত্ৰসমাজে আহৰি নাপাব। সেয়ে সময় থাকোঁতে ৰাজনীতিৰ দৰে এক কু-চক্ৰৰ বলি নহৈ সকলো ছাত্ৰসমাজে অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে। বহুতো হয়তো এই ক্ষেত্ৰত সহমত নিদিবও পাৰে আৰু তেওঁলোকৰ মতে ৰাজনীতিলৈ ছাত্ৰ সমাজক টানি অনাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ ছাত্ৰ সমাজক মূল ভেঁটি। এই কথাৰেই ইঙ্গিত প্ৰদান কৰি এই ছাত্ৰ সমাজক তেওঁলোকক হাতৰ হেতালি হিচাপে লৈ ৰাজনীতি কৰি সফল হ’ব বিচাৰে আৰু হৈও আহিছে। কিন্তু প্ৰকৃত অৰ্থত এই যে এই  মেৰ মেৰপাকত ছাত্ৰ সমাজক জৰিয়ত কৰাই তেওঁলোকৰ ভবিষ্যত জীৱন বিপন্ন কৰা আৰু ছাত্ৰসমাজক   সঠিক দিশত আগবাঢ়িব যাৱলৈ বাধা প্ৰদান কৰা। আৰু এই পাকচক্ৰত যি সকল সোমাইছে তেওঁলোকৰ জীৱন বিপদাপন্ন হৈ আহিছে আৰু ভবিষ্যতেও হৈ থাকিব। কাৰণ তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হ’ল অধ্যয়ন। কিন্তু ৰাজনীতিৰ পাকচক্ৰত পৰি অধ্যয়নপটু ছাত্ৰসমাজ কেতিয়াও উন্নতিৰ জখলাত বগাব নোৱাৰিব। বৰ্তমান সময়ৰ ৰাজনীতি এক অৰ্থলুলোপ ৰাজনীতি। এক কুচক্ৰান্ত, লালসাৰে ভৰপূৰ । গতিকে এনে ৰাজনীতিত সোমোৱা মানে নিজে ‘বলিৰ পঠা’ হোৱাৰ আশংকাই বহুত বেছি। সেয়েহে সকলো ছাত্ৰ সমাজে এনে ধৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থকাটোৱে শ্ৰেয় বুলি ভবা উচিত। সাম্প্ৰতিক সময়ত ভাৰতৰ ৰাজনীতিত বহুতো সাংসদৰ এক বিশাল কেলেংকাৰিৰে পোত গৈ আছে। যাৰ বাবে তেওঁলোক আচলতে কেতিয়াবাই জে’লৰ ভাত খাব লাগিছিল। কিন্তু সময়ৰ পাকচক্ৰত ৰাজনীতি কৰা এনে দুচক্ৰৰ কোনোকালে কেতিয়াও তেনে হোৱা দেখা পোৱা নাযায়। ফলত ভৱিষ্যত জীৱন সুৰক্ষাৰ হেতু বৰ্তমানৰ ছাত্ৰ সমাজে যাতে ৰাষ্ট্ৰৰ শাসনতন্ত্ৰ তথা ৰাজনৈতিক মেৰপাকত নপৰে সেই কথাই বাৰে বাৰে চিন্তা কৰি আগবঢ়াতো সকলোৱে বাঞ্ছা কৰে। সেয়ে এজন সুস্থ তথা মানসিকভাৱে সবল নাগৰিক হ’বলৈ ছাত্ৰ জীৱনতে সকলো জানি বুজি আগবঢ়াব লাগে বুলি আমাৰ মনে কয় আৰু এইয়েই হৈছে সময়োচিত পদক্ষেপ।