কবিতা হ’ল নেকি?
বনজিত দাস,ৰিহাবাৰী, বজালী
কবিতা হ’ল নেকি?
কবিতাই হাঁহিছিল—
চিগাৰেটৰ দৰে
জ্বলি জ্বলি শেষ হ’লেও
নিজে শেষ নহয় ।
ছাই হৈ পৰিল শব্দ,
ধোঁৱা হৈ উৰি গ’ল বাক্য—
তথাপিও
কবিতাৰ শেষ নাই ।
কবিতাই হাঁহিছিল
কাৰণ,
জ্বলি শেষ হোৱা বস্তুটো
কবিতা নাছিল;
কবিতা আছিল
জ্বলি উঠা সেই মুহূৰ্তটো
যাৰ অন্ত নাই ।
যিয়ে এন্ধাৰতো পোহৰ দেখুৱাই
লগ দিয়ে অকলশৰে !
