নাগৰিকত্ব লাভৰ ৩ বছৰ পূৰ্বেই ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ

Pc Indian National Congress

নাগৰিকত্ব লাভৰ ৩ বছৰ পূৰ্বেই ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ছোনিয়া গান্ধীয়ে ভাৰতৰ ‘নাগৰিক’ হোৱাৰ পূর্বেই তেওঁৰ নাম সোমাইছিল ভোটাৰ তালিকাত। দিল্লী আৰক্ষীয়ে শনিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত দাখিল কৰা এক প্ৰতিবেদনত জনাইছে যে ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ অন্ততঃ তিনি বছৰ পূৰ্বেই ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছিল। প্ৰতিবেদনত নিশ্চিত কৰা হৈছে যে ১৯৮৩ চনৰ ৩০ এপ্ৰিলত ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পূৰ্বে ছোনিয়া গান্ধীৰ নাম দিল্লীৰ ভোটাৰ তালিকাত আছিল।কিন্তু সেই সময়ত তেওঁৰ নাম কোনখন নথিৰ ভিত্তিত পঞ্জীয়ন হৈছিল সেই কথা জানিবলৈ ‘ফৰ্ম ৬’কে ধৰি প্ৰয়োজনীয় নথি-পত্ৰ এতিয়াও পোৱা নাই। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানি ১৪ ডিচেম্বৰত নিৰ্ধাৰণ কৰি আৰক্ষীক তদন্ত সম্পূৰ্ণ কৰিবলৈ অধিক সময় প্ৰদান কৰিছে। একে সময়তে এই ঘটনাত কোনো অপৰাধমূলক অপৰাধ সংঘটিত হৈছে নে নাই সেই বিষয়ে স্পষ্ট কৰিবলৈ তুগলাক ৰোড থানাৰ অ’চি (এছএইচঅ’)ক আদালতত মাতি অনা হৈছে। উল্লেখ্য যে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দেশৰ ‘নাগৰিকত্ব পোৱাৰ পূৰ্বেই’ ভোটাৰ তালিকাত তেওঁৰ নাম উঠিছিল বুলি আৰক্ষীৰ ওচৰত এটা অভিযোগ আহে। ইয়াকে লৈ আৰক্ষীক তদন্তৰ দাবী জনায় অভিযোগকাৰী অধিবক্তা বিকাশ ত্রিপাঠীয়ে। দিল্লীৰ আইপি ইষ্টেট থানাৰ ওচৰত প্ৰথমতে এই সম্পর্কীয় অভিযোগটো দাখিল কৰা হৈছিল। তাকে লৈ যোৱা সপ্তাহত ৰাউজ এভিনিউ আদালতে আৰক্ষীৰ পৰা এক্সন টেকেন ৰিপ’ৰ্ট বিচাৰিছিল। এইবাৰ সেই ৰিপ’ৰ্টত আৰক্ষীয়ে জনাইছে যে যিটো বিষয়ে অভিযোগ তোলা হৈছে, সেয়া আইপি ইষ্টেট থানাৰ এলেকাৰ ভিতৰত নপৰে। সেইবাবে গোচৰটো টোঘলক ৰোড থানালৈ স্থানান্তৰিত কৰা হৈছে। আদালতত দাখিল কৰা প্ৰতিবেদনত আৰক্ষীয়ে আৰু জনাইছে যে ১৯৮০ চনত ছোনিয়া গান্ধীয়ে ভাৰতৰ নাগৰিকত্ব লোৱা নাছিল অথচ সেই সময়তে তেওঁৰ নাম ভোটাৰ তালিকাত আছিল বুলি দাবী কৰে আৰক্ষীয়ে। তেওঁলোকৰ বক্তব্য যে ১৯৮৩ চনত নাগৰিকত্ব লাভ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। বাতৰি মতে, জিলা শাসক আৰু গৃহ মন্ত্ৰালয়ৰ পৰা এই তথ্য নিশ্চিত কৰা হৈছে বুলি দাবী কৰিছে দিল্লী আৰক্ষীয়ে। অৱশ্যে প্ৰতিবেদনত আৰক্ষীয়ে এই কথাও জনাইছে যে এই বিষয়ে তদন্ত সম্পূর্ণ কৰাৰ বাবে আৰু অধিক সময়ৰ প্ৰয়োজন হ’ব। তেওঁলোকে দিল্লীৰ মুখ্য নির্বাচনী বিষয়াকো এই বিষয়ে এখন ন’টিচ পঠিয়াইছে। তাৰ উত্তৰ এতিয়াও অহা নাই। সেইবাবেই আৰু অধিক সময়ৰ প্ৰয়োজন বুলি দাবী কৰিছে দিল্লী আৰক্ষীয়ে। এইমর্মে তদন্ত শেষ কৰাৰ বাবে আৰক্ষীক আৰু অধিক সময় দিছে আদালতে।