সঞ্জয় ঘোষৰ হত্যাকাণ্ডত আলফা নেতা ফটিক হাতীমতাক যাৱজ্জীৱন কাৰাদণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা-অৱশেষত অন্ত পৰিল প্রায় ২৯ বছৰীয়া আইনী যুঁজৰ। সমগ্ৰ দেশ জোকাৰি যোৱা মাজুলীৰ সমাজকর্মী সঞ্জয় ঘোষ হত্যাকাণ্ড গোচৰৰ সুদীর্ঘ ২৯ বছৰ পাছত ৰায় দিছে চিবিআইৰ আদালতে। সেই ৰায়ৰ অনুসৰি, গোচৰটোৰ অন্যতম অভিযুক্ত আলফা নেতা ফটিক হাতীমতা ওৰফে পংকজ শইকীয়াক যাৱজ্জীবন কাৰাদণ্ড বিহা হৈছে। উল্লেখ্য যে এছ’চিয়েচন অৱ ভলেন্টাৰী এজেঞ্চিছ ফৰ ৰুৰেল ডেভেলপমেন্ট-নর্থ ইষ্ট (এভার্ড-এনই) নামৰ স্বেচ্ছাসেবী সংগঠনটোৰ হৈ মাজুলীত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম তথা সাহায্য আদি আগবঢ়োৱা কাৰ্যত নিয়োজিত হৈ আছিল সঞ্জয় ঘোষ। ইয়াৰ মাজতে ১৯৯৭ চনৰ ৪ জুলাইত মাজুলীৰ মেখেলি গাঁৱৰ পৰা আলফাই তেওঁক অপহৰণ কৰি নিয়ে। আলফাৰ জিম্মাত থকা অৱস্থাতে মৃত্যু হয় সঞ্জয় ঘোষৰ। সেই সময়ত সঞ্জয় ঘোষৰ লগতে চন্দন দলৈ নামৰ এভার্ড-এনইৰ আন এজন সদস্যকো আলফাই অপহৰণ কৰি নিছিল যদিও কোনোমতে তেওঁ পলাই সাৰিবলৈ সক্ষম হৈছিল। সঞ্জয় ঘোষৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব পৰৱৰ্তী সময়ত চিবিআইৰ হাতত ন্যস্ত কৰা হয়। চিবিআইৰ তদন্ত অনুসৰি আলফা নেতা ফটিক হাতীমতা আৰু সহযোগীৰ দলে অপহৰণ কৰি নিছিল সঞ্জয় ঘোষক। অপহৰণৰ দিনা নিশা ফটিক হাতীমতাৰ নেতৃত্বাধীন দলটোৱে সঞ্জয় ঘোষক এখন নাৱত তুলি লৈ গৈ হত্যা কৰে। প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যে তেওঁৰ মৃতদেহটো ব্ৰহ্মপুত্ৰৰ বুকুত পেলাই দিয়া হৈছিল। পৰিণতিত আজিও সঞ্জয় ঘোষৰ মৃতদেহ উদ্ধাৰ নহ’ল। ঘটনাৰ পাছতে আত্মগোপন কৰে অন্যতম অভিযুক্ত ফটিক হাতীমতাই। চিবিআয়ে দাখিল কৰা অভিযোগনামাত অভিযুক্ত হিচাপে ফটিক হাতীমতাকে ধৰি মুঠ ১১জনৰ নাম আছে। ২০১১ চনৰ ২৫ নৱেম্বৰত গোপন সূত্ৰৰ পম খেদি মাজুলীৰ পৰা ফটিক হাতীমতাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পিছত অসম আৰক্ষীয়ে তেওঁক চিবিআইৰ হাতত গতাই দিয়ে। চিবিআয়ে আলফা নেতাজনক নিজৰ জিম্মাত লৈ গোচৰটোৰ তদন্ত চলায়। অৱশ্যে পিছত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত ২০১২ চনত আদালতে বিভিন্ন চৰ্তসাপেক্ষে তেওঁৰ জামিন মঞ্জুৰ কৰে। অৱশ্যে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চিবিআইৰ আদালতত অব্যাহত থাকে। অৱশেষত চিবিআইৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ফটিক হাতীমতাক।
