সৰ্থেবাৰীৰ ৰাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা

সৰ্থেবাৰীৰ ৰাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাসৰ আনন্দৰ মাজতে সৰ্থেবাৰীৰ ৰাউলীত শেষ হৈ গ’ল দুটাকৈ জীৱন। বৰপেটাৰ সৰ্থেবাৰীৰ ৰাউলীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই কাঢ়ি নিলে দুজনকৈ যুৱকৰ জীৱন। সৰ্থেবাৰী থানাৰ অন্তৰ্গত ৰাউলীত যোৱানিশা প্রায় ১২ বজাত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এখন চাৰিচকীয়া অল্ট’ বাহন আৰু দুখন বাইকৰ এক ভয়াৱহ মুখামুখি সংঘৰ্ষত দুগৰাকী বাইক আৰোহী যুৱক থিতাতে নিহত হয়। দুর্ঘটনাত থিতাতে নিহত যুৱক দুগৰাকী সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনৰ গহিয়া গাঁৱৰ ২৪ বছৰীয়া অজয় নাথ  আৰু ২৭ বছৰীয়া অৰূপ নাথ বুলি জানিব পৰা গৈছে।  আনহাতে, দুর্ঘটনাটোত আন তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত গহিয়া গাঁৱৰ ধনঞ্জয় নাথ, অংকুৰ নাথৰ লগতে চাৰিচকীয়া বাহনৰ আৰোহী পাটবাউসীৰ অবিনাশ দাস। আহতসকলৰ ভিতৰত সংকটজনক অৱস্থাত অবিনাশ দাসক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, ধনঞ্জয় নাথ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই শোকাৱহ দুর্ঘটনাই সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বৰপেটা দিশৰ পৰা সৰ্থেবাৰী দিশে গৈ থকা AS-15 M-5329 নম্বৰৰ অল্ট’ বাহনখন বিপৰীত দিশৰ পৰা অহা দুখন বাইকৰ প্ৰথমখনৰ লগত মুখামুখি সংঘর্ষ হোৱাৰ সময়তে পিছফালৰ পৰা আহি থকা আনখন বাইকে দুয়োখন গাড়ীত তীব্র বেগত খুন্দা মাৰে। ফলত প্ৰথমখন বাইকৰ আৰোহী অজয় নাথ আৰু অৰূপ নাথ থিতাতে নিহত হোৱাৰ লগতে আনখন বাইকৰ আৰোহী গুৰুতৰভাৱে আহত হয়। ইফালে, অল্ট’ চালক অবিনাশ দাসো গুৰুতৰভাৱে আহত হয়। কিছু সময়ৰ পিছত স্থানীয় ৰাইজৰ পৰা দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সৰ্থেবাৰী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আনহাতে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰা হয়।