লোকসভাত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক উত্থাপন কৰাৰ পৰামৰ্শ ৰাষ্ট্ৰপতিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে সংবিধানৰ ১১৭(৩) অনুচ্ছেদৰ অধীনত সমষ্টি পুনৰ নিৰ্ধাৰণ (দ্বিতীয়) বিধেয়ক, ২০২৬ লোকসভাত বিবেচনাৰ বাবে উত্থাপন কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে। শনিবাৰে লোকসভাৰ সচিবালয়ৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে। যোৱা ২৭ নৱেম্বৰ শুকুৰবাৰে কেন্দ্ৰীয় আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে লোকসভাৰ সচিব প্ৰধানলৈ চিঠি লিখি এই পৰামৰ্শ বিচাৰিছিল। জানিব পৰা মতে এই ধৰণৰ বিধেয়ক গৃহীত হ’লে তাৰ যাৱতীয় ব্যয় বহন কৰা হ’ব দেশৰ সঞ্চিত তহবিলৰ পৰা। ফলত সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ পৰামৰ্শ অবিহনে এই ধৰণৰ বিধেয়ক সংসদত গৃহীত কৰিব পৰা নাযায়। সেইবাবেই ৰাষ্ট্ৰপতিৰ অনুমোদন বিচৰা হৈছিল। সেই প্রক্রিয়াতে অনুমোদন দিয়া হৈছে ৰাষ্ট্ৰপতিৰ ফালৰ পৰা। শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্রীসভাৰ তৰফৰ পৰা মুঠ তিনিখন বিধেয়ক উত্থাপনত অনুমোদন জনোৱা হৈছে। সেইবোৰ হ’ল- সংবিধান (১৩২সংখ্যক সংশোধনী) বিধেয়ক, সমষ্টি পুনৰ নিৰ্ধাৰণ (দ্বিতীয়) বিধেয়ক আৰু কেন্দ্রীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক। যোৱা এপ্রিল মাহত লোকসভাত ব্যর্থ হোৱা পুৰণি বিধেয়কসমূহ প্ৰত্যাহাৰ কৰি অহা ৩০ নৱেম্বৰত এই নতুন বিধেয়কসমূহ উত্থাপন কৰা হ’ব। মোদী চৰকাৰৰ তৰফৰ পৰা উত্থাপন কৰিবলৈ ওলোৱা নতুন বিধেয়কত কোৱা হৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত লোকসভা আৰু বিধানসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব। লোকসভাৰ সৰ্বাধিক আসনৰ সংখ্যা ৫৫০ৰ পৰা বাঢ়ি ৮৫০ হ’ব। বিধানসভাৰ সৰ্বোচ্চ আসনৰ সংখ্যা বাঢ়ি ৬৫০খনত সীমাবদ্ধ থাকিব। তদুপৰি ৰাজ্যসমূহৰ আসনৰ অনুপাত ২০৫১ চনলৈ অপৰিৱৰ্তিত হৈ থাকিব আৰু ২০২৯ চনৰ নিৰ্বাচনৰ পূৰ্বে ৩৩ শতাংশ মহিলাৰ সংৰক্ষণ প্ৰৱৰ্তন হ’ব।
