ৰাজ্যিক শিক্ষক সন্মিলনীৰ সভাপতি-প্ৰধান সম্পাদকক বিশ্বনাথত উষ্ম আদৰণি
বৰগাঙ আৰু বিশ্বনাথ চাৰিআলিত চাহ-মেলত শিক্ষকৰ ঐক্য আৰু শৈক্ষিক সমস্যাৰ ওপৰত আলোচনা
বিহমাৰী, অৰুণা ধৰ বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰত অনুষ্ঠিত এখন সভাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নৱনিৰ্বাচিত সভাপতি ৰাতুল গোস্বামী আৰু প্ৰধান সম্পাদক শৈলেন্দ্ৰ কলিতাক বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰপৰা বিশ্বনাথ জিলাৰ বৰগাঙত উষ্ম আদৰণি জনোৱা হয়। বৰগাঙৰ গাংমৌ হোটেলত অনুষ্ঠিত চাহ-মেলত তেখেতসকলক ফুলাম গামোচা, গোৰ্খা জনগোষ্ঠীৰ ঢাকা-টুপী, কিতাপৰ টোপোলা আৰু গলবস্ত্ৰৰে আদৰণি জনোৱা হয়, লগতে মহকুমা সন্মিলনীৰ বৰ্তমানৰ সভাপতি তথা প্ৰাক্তন সৰ্বভাৰতীয় সদস্য পৰেশ বৰাকো ফুলাম গামোচা আৰু গলবস্ত্ৰৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়। প্ৰায় ২০ জন শিক্ষক উপস্থিত থকা চাহ-মেলৰ আঁত ধৰে মহকুমা সন্মিলনীৰ প্ৰধান সম্পাদক প্ৰেম বৈষ্ণৱে আৰু উপস্থিত থাকে সহকাৰী সম্পাদক জীৱন নেপাল, ন্যাস সম্পাদক সঞ্জীৱ কুমাৰ দাস, প্ৰাক্তন ন্যাস সম্পাদক লক্ষেশ্বৰ ওৰাং, বৰগাং কেন্দ্ৰৰ সম্পাদক ৰাজু গিৰি, বিহালী কেন্দ্ৰৰ হেমন্ত পৌৰেল, উত্তৰ বেদেতী কেন্দ্ৰৰ সম্পাদক নৰেন বিশ্বকৰ্মা, জ্যেষ্ঠ শিক্ষক নাৰায়ণ শৰ্মা, মিহিৰ চৌধুৰী, পুনম তামাং, অৰুণ ভূজেল, প্ৰতাপ দেৱনাথ, ৰঞ্জিত প্ৰামাণিক, ঈশ্বৰ উপাধ্যায় আদি। চাহ-মেলত শিক্ষকসকলক উদ্দেশ্যি ৰাজ্যিক সভাপতি ৰাতুল গোস্বামীয়ে কয়, “আমি শিক্ষকসকল একত্ৰিত হৈ শৈক্ষিক ক্ষেত্ৰখন সুন্দৰকৈ পৰিচালনা কৰিব লাগিব। শিক্ষকৰ ঐক্যই আমাৰ শক্তি। আমি যদি এক হৈ থাকোঁ, তেন্তে শিক্ষকৰ মৰ্যাদা ৰক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎও সুৰক্ষিত হ’ব।” ব্যক্তিগত সমস্যাৰ লগতে শৈক্ষিক দিশৰ আলোচনাৰ বাবেও তেখেতে আগ্ৰহ প্ৰকাশ কৰি কয়, “আমি এখন সভা অনুষ্ঠিত কৰি মোক আমন্ত্ৰণ জনালে মই উপস্থিত হৈ চাকৰি বা দৰমহা কেন্দ্ৰিক সমস্যাসমূহো আলোচনা কৰাৰ পোষকতা কৰিম।” গতিকে নিশ্চিতভাৱে এইটো এক যোগাত্মক কথা। বিশ্বনাথ মহকুমাৰ অন্তৰ্গত বিহালীত অথবা বিশ্বনাথত তেখেতক লৈ এখন সভা আহ্বান কৰি সমস্যাসমূহৰ আঁতিগুৰি মাৰি আলোচনা কৰাৰ বাবে চেষ্টা কৰা হ’ব।

প্ৰধান সম্পাদক শৈলেন্দ্ৰ কলিতাই কয়, “প্ৰাথমিক শিক্ষাই হৈছে শিক্ষাৰ ভেটি। এই ভেটি মজবুত কৰাৰ দায়িত্ব আমাৰ হাতত। সেয়ে নিজৰ কৰ্তব্যৰ প্ৰতি সদায় সজাগ থাকি, সংগঠনক শক্তিশালী কৰি আমি আগবাঢ়ি যাব লাগিব। বিশ্বনাথ মহকুমাৰ শিক্ষকসকলৰ এই ঐক্য আৰু আন্তৰিকতাই আমাক সঁচাকৈয়ে আনন্দিত কৰিলে।” আনহাতে মহকুমা সভাপতি পৰেশ বৰাই আজিৰ এই আদৰণি তথা চাহ-মেলত উপস্থিত থকা শিক্ষকসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পিছত বিশ্বনাথ চাৰিআলিত, পাৰিখ হোটেলত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি দ্বয় ক্ৰমে পদ্মেশ্বৰ কুৰ্মী, গাজিউৰ ৰহমান, সহ সম্পাদক বীৰেন মহন্ত, বিশ্বনাথৰ ন্যাস সম্পাদক হেমন্ত নাগ, বিশ্বনাথ নগৰ কেন্দ্ৰৰ সম্পাদক অজিত চৰকাৰ, ভৱেশ বৰা, আব্দুল খায়েৰ, ভূৱন ক্ৰো আদি উপস্থিত থাকি ৰাজ্যিক সভাপতি, প্ৰধান সম্পাদক আৰু মহকুমা সভাপতি পৰেশ বৰাক ফুলাম গামোচাৰে আদৰণি জনায়। মহকুমা সন্মিলনীৰ প্ৰধান সম্পাদক প্ৰেম বৈষ্ণৱে নৱনিৰ্বাচিত সভাপতি ৰাতুল গোস্বামী আৰু প্ৰধান সম্পাদক শৈলেন্দ্ৰ কলিতাই ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই মত বিনিময় কৰাৰ বাবে বিশ্বনাথ মহকুমাৰ তৰফৰপৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতসকলৰ এই আন্তৰিকতা আৰু সান্নিধ্যই উৎসাহিত কৰা বুলি উল্লেখ কৰি তেখেতসকলৰ নেতৃত্বত ৰাজ্যিক সংগঠন আৰু অধিক শক্তিশালী হ’ব বুলি দৃঢ় বিশ্বাস প্ৰকাশ কৰে।
