হতাশাৰ মাজত আশাৰ ৰেঙণি
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
চৌদিশে হতাশা,
নিৰাশা , ব্যৰ্থতা,
সপোনবোৰ ভাঙি
চূৰ্ণ বিচুৰ্ণ হোৱা।
কেতিয়াবা অসহ্য লাগে
মনটো ভাগৰুৱা হৈ পৰে,
ৰক্তাক্ত কলিজাখনে
যন্ত্ৰণাত কাতৰ হৈ চিঞৰে।
হেৰৌ, ক’ত গলি সুখ
জীৱনটোত কিয় ইমান দুখ ,,
সকলো চেষ্টা ব্যৰ্থ,
জীৱনটোৰ নাই অর্থ।
ভাঙি পৰিও আকৌ উঠোঁ
নতুনকৈ জীয়াব সপোন দেখোঁ
হতাশাৰ মাজত আশাৰ ৰেঙণি বিচাৰো
হয়তোবা সুখৰ মুখেই দেখোঁ।
