আৰক্ষীৰ জিম্মাৰ পৰা ঘনকান্ত পলালে দায়বদ্ধ হ’ব ডিচিপি

Pc www.aaroananda.com

আৰক্ষীৰ জিম্মাৰ পৰা ঘনকান্ত পলালে দায়বদ্ধ হ’ব ডিচিপি

ৰঙিলী বাৰ্ত্তাসেৱা- পাঁচজনকৈ লোকক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা মহাপ্ৰৱঞ্চক, হত্যাকাৰী ঘনকান্ত গগৈৰ এনকাউন্টাৰলৈ ভয়। আনক হত্যা কৰিবলৈ হাত নকঁপা ঘাতক ঘনকান্তই এতিয়া সুৰক্ষা বিচাৰি আদালতত আৱেদন দাখিল কৰিছে। ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা মহানগৰীৰ লাচিত নগৰস্থিত বিলাস ইন হোটেলৰ হত্যাকাণ্ডৰ লগত জড়িত ঘাতক ঘনকান্ত গগৈক কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ সমান্তৰালকৈ ঘনকান্ত গগৈৰ অধিবক্তাৰ আবেদনৰ ভিত্তিত আচামীৰ অধিকাৰ, নিৰাপত্তা আৰু সুৰক্ষাক লৈও কেতবোৰ নীতি-নির্দেশনা প্রদান কৰিছে। ঘনকান্ত গগৈক আৰক্ষীৰ জিম্মাত ৰখা আৰু জেৰা কৰাৰ ক্ষেত্ৰত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দিয়া নির্দেশনা অনুসৰি অভিযুক্তক কোনো তথ্য বা প্রমাণ উদ্ধাৰৰ বাবে লৈ যোৱাৰ ক্ষেত্ৰত উপ-আৰক্ষী অধীক্ষক অর্থাৎ ডিএছপিৰ পদমর্যাদাৰ তলৰ কোনো আৰক্ষী বিষয়াক আৰক্ষী প্রশাসনে দায়িত্ব দিব নোৱাৰিব। অৰ্থাৎ তথ্য-প্রমাণ সংগ্ৰহৰ বাবে অভিযুক্ত ঘনকান্ত গগৈক স্থান পৰিদৰ্শনকে ধৰি অন্যান্য সম্পর্কীয় ব্যৱস্থাত এগৰাকী ডিএছপি পৰ্যায়ৰ বিষয়া লগত যাব লাগিব। আদালতে আৰক্ষী প্ৰশাসনক নির্দেশ দিয়া অনুসৰি তথ্য বা প্রমাণ উদ্ধাৰৰ বাবে অভিযুক্তক সূর্যাস্তৰ পিছত আৰু সূর্যোদয়ৰ আগতে লৈ যাবলগীয়া হ’লে তেওঁৰ সৈতে উপযুক্ত আৰক্ষী পহৰাৰ ব্যৱস্থা থাকিব লাগিব। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অভিযুক্তক কোনোধৰণৰ শাৰীৰিক বা মানসিকভাৱে নির্যাতন চলাবলৈকো বাৰণ কৰিছে আদালতে। অর্থাৎ জিম্মাত থকা অৱস্থাত অভিযুক্ত ঘনকান্ত গগৈক সোধা-পোছাৰ নামত কোনো অত্যাচাৰ চলাব নোৱাৰিব আৰক্ষীয়ে। অভিযুক্তক আৰক্ষীৰ জিম্মাত থকা অৱস্থাত পৰিষ্কাৰ-পৰিচ্ছন্ন খাদ্য আৰু খোৱাপানীকে ধৰি সকলো মৌলিক প্রয়োজনীয় সামগ্রী যোগান ধৰিবলৈও আৰক্ষীক নির্দেশ দিয়া হৈছে। গোচৰটোৰ তদন্তকাৰী বিষয়াক অভিযুক্ত ঘনকান্ত গগৈক প্রতি ২৪ ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়া হৈছে। নিজৰ নিৰ্দেশনাৱলীত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষীৰ জিম্মাত ৰখাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ডি কে বসু বনাম পশ্চিমবংগৰ গোচৰত প্ৰদান কৰা নির্দেশনা মানি চলিবলৈও তদন্তকাৰী বিষয়াক নির্দেশ দিছে। নির্দেশত ন্যায়ালয়ে অভিযুক্ত ঘনকান্ত গগৈয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিলে আইন অনুসৰি কামৰূপ মহানগৰ জিলাৰ চেন্ট্ৰেলৰ ডিচিপি গৰাকী দায়বদ্ধ হ’ব বুলি স্পষ্ট কৰি দিছে। আৰক্ষীৰ জিম্মাত ৰখাৰ সময়ত অভিযুক্তক জেৰা কৰাৰ ৰেজিষ্টাৰৰ প্ৰতিলিপি আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত আদালতত দাখিল কৰিব লাগিব বুলিও স্পষ্ট কৰি দিছে। উল্লেখ্য যে বিলাস ইনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দর্ভত ইতিমধ্যে পল্টনবজাৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১০৩ (১), ধাৰা ২৫ (১-বি) আৰু আৰ্মছ এক্টৰ ধাৰা ২৭ৰ অধীনত ২৯৩/২৬ গোচৰ পঞ্জীয়ন হৈছে। স্মৰ্তব্য যে ২৬ অক্টোবৰৰ সন্ধিয়া ৯ বজাত লাচিত নগৰৰ বিলাস ইন হোটেলত সংঘটিত ঘটনাত ঘনকান্ত গগৈৰ গুলীচালনাত ৫জন লোক থিতাতে নিহত হৈছিল। ইয়াৰে চাৰিজন একেটা পৰিয়ালৰ হোৱাৰ বিপৰীতে আন এজন বিলাস ইনৰ কৰ্মচাৰী আছিল।