জনজাতীয়ৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ বৈঠক

জনজাতীয়ৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  দুদিনীয়া ভ্রমণসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলালৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্রহণ কৰে। এই বৈঠক দুখনত উজনি আৰু উত্তৰ অসমৰ কেইবাখনো জিলাৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমি সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়। এই বৈঠক দুখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বৈঠকত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে খিলঞ্জীয়া আৰু যোগ্য জনজাতীয় পৰিয়ালসমূহৰ ভূমিৰ স্থায়ী অধিকাৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব ।  প্রথমখন বৈঠকত লখিমপুৰ, ধেমাজি আৰু মাজুলীৰ জিলা আয়ুক্তসকলৰ লগতে বন বিভাগৰ বিষয়া আৰু জনজাতীয় সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত ৰাজহ বিভাগৰে সম্পর্কিত বিষয়ত জনজাতীয় ৰাইজে সম্মুখীন হোৱা সমস্যাক লৈ আলোচনা কৰাৰ পিছত দ্বিতীয়খন বৈঠকত মৰাণ আৰু মটক জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত দুয়োটা জনগোষ্ঠীৰ ৰাইজৰ ভূমি সম্পৰ্কীয় বিষয়ত চর্চা কৰা হয়। উজনি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে আয়োজিত দুয়োখন বৈঠকত ৰাইজে ভূমি সংক্রান্তীয় অভিযোগ-আপত্তি আদি নিষ্পত্তিৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমাধানৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। জনজাতীয় পৰিয়াললৈ ৫০ বিঘা পর্যন্ত ভূমি আবণ্টনৰ লগতে মিছন বসুন্ধৰা-২.০ আৰু ৩.০ত নিষ্পত্তি নোহোৱা গোচৰসমূহ মিছন বসুন্ধৰা-৪.০ৰ অধীনত পুনৰীক্ষণ কৰা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। প্রথমখন বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্ট কৰি দিয়ে যে জনজাতীয় পৰিয়ালসমূহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰি তেওঁলোকক ভূমিৰ স্থায়ী অধিকাৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব। চৰকাৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে প্রতিটো যোগ্য জনজাতীয় পৰিয়ালৰ ভূমি সংক্রান্তীয় সমস্যা আৰু বিবাদ নিষ্পত্তি কৰিব। এই বৈঠকত মন্ত্রী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, ডাঃ ৰণোজ পেণ্ড, সুশান্ত বৰগোহাঁইৰ লগতে বিশেষ মুখ্য সচিব এম কে যাদৱ, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ ছাংছন, বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ শীর্ষ নেতৃত্ব, কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

দ্বিতীয়খন বৈঠকত ভাগ লৈ মুখ্যমন্ত্রীয়ে কয় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে মিছন বসুন্ধৰা-৪.০ত নিৰ্ধাৰণ কৰা নীতি-নির্দেশনাসমূহ প’র্টেলত উল্লেখ কৰা হ’ব। ভূমিৰ অনলাইন আবেদন কৰাত সহায়ক হোৱাকৈ মৰাণ আৰু মটক জনগোষ্ঠী অধ্যুষিত জিলাসমূহত দুয়োটা জনগোষ্ঠীৰ একাংশ যুৱক-যুৱতীক প্রশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্রিমিয়াম জমা দিব নোৱাৰাৰ ফলত ভূমিৰ বন্দৱস্ত বা অনুমোদনৰ ম্যাদ উকলি যোৱাৰ সমস্যা দূৰ কৰাৰ অৰ্থে প্রিমিয়াম জমা দিয়াৰ সময়সীমা বৃদ্ধিকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে। তেওঁ লগতে কয় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ জনসাধাৰণৰ ভূমি সম্বন্ধীয় সমস্যাৰাজি নিৰসনৰ বাবে চৰকাৰৰ প্ৰয়াস অব্যাহত থাকিব। ইফালে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেঙে। মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাৰ অন্তত দেৱানন্দ চেলেঙে কয় যে জনজাতীয় লোকসকলৰ ভূমি সমস্যা সমাধান কৰাটো এক দীর্ঘদিনীয়া দাবী। এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে খিলঞ্জীয় জনজাতি লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। চেলেঙে ইয়াকো উল্লেখ কৰে অসমৰ জনজাতীয় লোকসকলে যুগ যুগ ধৰি নিজৰ নিজৰ ভূমিত বসবাস কৰি অহাৰ পাছতো ভূমিৰ আইনী অধিকাৰ লাভৰ পৰা বঞ্চিত হৈ আহিছে। বিশেষকৈ ম্যাদী পট্টা নথকাৰ ফলত বহু পৰিয়ালে নিজৰ দখলত থকা ভূমিৰ অধিকাৰ সাব্যস্ত কৰিব পৰা নাই। চৰকাৰী আৰু বেচৰকাৰী ভূমিৰ লগতে ভিলেজ, গ্রেজিং, ৰিজার্ভ আৰু প্ৰফেছনেল গ্রেজিং ৰিজার্ভ ভূমিত বসবাস কৰা জনজাতীয় পৰিয়ালসমূহৰ সমস্যাসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপত জনজাতীয় পৰিয়ালসমূহৰ দীৰ্ঘদিনীয়া ভূমি সমস্যাৰ সমাধানৰ পথ মুকলি হ’ব।