বিলাস ইনৰ হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

বিলাস ইনৰ হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্য জোকাৰি যোৱা বিলাস ইন হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।  তিনিচুকীয়াত সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়- এয়া এক ব্যক্তিগত কাজিয়া আছিল। আৰক্ষীয়ে ইতিমধ্যে দোষীক কৰায়ত্ত কৰিছে আৰু ইয়াৰ পিছৰ ব্যৱস্থা নিশ্চিতভাৱে আইনে গ্রহণ কৰিব। আনহাতে হত্যাকাৰী ঘনকান্ত গগৈৰ অনুজ্ঞাপত্র থকা পিষ্টলৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে, ঘনকান্ত গগৈয়ে ব্যৱহাৰ কৰা বন্দুকৰ অনুজ্ঞাপত্ৰ অসম চৰকাৰে দিয়া নাই। নাগালেণ্ড চৰকাৰেহে অনুজ্ঞাপত্র দিছে। তেওঁলোকে কি পৰিৱেশত দিছে কেনেকৈ এই অনুজ্ঞাপত্র দিছিল , সেয়া জানি ল’ব লাগিব। অসমৰ পৰা দিয়া বন্দুকৰ লাইচেঞ্চ নহয়। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অৱশ্যে এই ঘটনাক লৈ আৰক্ষীয়ে সম্পূৰ্ণ তদন্ত চলাই আছে। আৰু আইনে কঠোৰ ব্যৱস্থা ল’ব। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে এছআইটি গঠন কৰা হৈছে।