মার্কিন ৰাষ্ট্ৰপতিৰ ড’নাল্ড ট্রাম্পৰ নৈশভোজত গুলীবর্ষণ

মার্কিন ৰাষ্ট্ৰপতিৰ ড’নাল্ড ট্রাম্পৰ নৈশভোজত গুলীবর্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা- ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক আক্ৰমণৰ লক্ষ্যৰে চলোৱা গুলীবর্ষণৰ এক ঘটনাই বিশ্বজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স উপস্থিত থকা বার্ষিক ‘হোৱাইট হাউছ কৰেছপণ্ডেণ্টছ ডিনাৰ’ৰ সময়ত নিৰাপত্তা বেষ্টনী ভেদ কৰি এজন বন্দুকধাৰীয়ে গুলীচালনা কৰে। কথমপি প্ৰাণৰক্ষা পৰে মার্কিন ৰাষ্ট্ৰপতি গৰাকী। ছিক্রেট ছার্ভিচেজৰ বিষয়াসকলে তাৎক্ষণিকভারে ট্রাম্প আৰু তেওঁৰ পত্নী মেলনিয়া ট্রাম্পক ঘটনাস্থলীৰ পৰা আঁতৰাই লৈ যাবলৈ সক্ষম হয়। শনিবাৰে নিশা (মার্কিন সময়) হোৱাইট হাউছৰ এই নৈশভোজত আমেৰিকাৰ অনেক উচ্চপদস্থ বিষয়াও উপস্থিত আছিল। তেওঁলোককো ঘটনাস্থলীৰ পৰা আঁতৰাই নিয়া হয়। এই ঘটনাত কোনো লোক আঘাতপ্রাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই। ঘটনাৰ পিছতে সামাজিক মাধ্যমত পোষ্ট কৰে ট্রাম্পে। তেওঁ জনায় যে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, হোৱাইট হাউছৰ বাৰ্ষিক নৈশভোজৰ অনুষ্ঠানটোত সাংবাদিকৰ পৰা আৰম্ভ কৰি জনপ্রিয় অভিনেতা, তাৰকাসকলো আমন্ত্রিত হৈছিল। হঠাৎ গুলীৰ শব্দ শুনি আতংকত হুৱাদুৱা লাগে। অনেকেই মেজৰ তলত লুকাই প্ৰাণৰক্ষাৰ চেষ্টা কৰে। কোনো কোনোৱে দৌৰি পলাই যায়। সংবাদ প্রতিষ্ঠানে জনোৱা মতে, ২,৬০০ অতিথি উপস্থিত আছিল নৈশভোজত। প্রত্যক্ষদর্শীয়ে জনোৱা মতে, ৫ৰ পৰা ৮টা গুলীৰ শব্দ শুনা গৈছিল। নৈশভোজৰ পিছত ট্রাম্পে ভাষণ দিয়াৰ কথা আছিল। সেই ভাষণ শুনাৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল। তাৰ মাজতে ভিৰৰ মাজৰ পৰা গুলী চলিবলৈ ধৰে। কঠোৰ নিৰাপত্তাৰ মাজতো কিদৰে নৈশভোজ চলি থকা অৱস্থাত এই ঘটনা ঘটিবলৈ পালে তাকে লৈ প্রশ্ন উত্থাপন হৈছে। ট্রাম্প, মেলেনিয়াৰ উপৰি নৈশভোজৰ মূল মেজত আছিল মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স। ট্রাম্পে তেওঁৰ পোষ্টত ছিক্রেট ছার্ভিচেজৰ তৎপৰতাক প্ৰশংসা কৰে।  ট্রাম্পক আক্রমণ সন্দর্ভত ততালিকে প্রতিক্রিয়া ব্যক্ত কৰিছে প্রধানমন্ত্রী মোদীয়ে। প্রধানমন্ত্রী মোদীয়ে দেওবাৰে সামাজিক মাধ্যমত লিখিছে- ‘রাশিংটন ডিচিৰ হোটেলত এই নিৰাপত্তাজনিত ঘটনাৰ পিছত ৰাষ্ট্ৰপতি ট্রাম্প, ফার্স্ট লেডী আৰু উপ-ৰাষ্ট্ৰপতিগৰাকী নিৰাপদ আৰু অক্ষত হৈ আছে বুলি জানিব পাৰি স্বস্তি পালোঁ। তেওঁলোকৰ সুৰক্ষা আৰু সুস্থতাৰ বাবে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। গণতন্ত্রত হিংসাৰ কোনো স্থান নাই আৰু নিঃসন্দেহে ইয়াক নিন্দা কৰা উচিত।’