মহানগৰীৰ মঠঘৰীয়াত ভয়ংকৰ পথ দুর্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  এক হৃদয়বিদাৰক আৰু ভয়ংকৰ পথ দুর্ঘটনাই প্রাণ কাঢ়ি নিলে তিনিগৰাকী যুৱতীৰ। মহানগৰীৰ মঠঘৰীয়াৰ ‘গেট হাস্পতাল’ৰ সমীপত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বেতকুছিৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত কৰ্মৰত আকাংক্ষা শইকীয়া, পূজা সাহা আৰু ডাউন টাউন বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰী আমিনা আহমেদ ওৰফে নেহা খান। দেওবাৰে পুৱতিনিশা প্রায় ৩.৪০ বজাত সংঘটিত এই ভয়ংকৰ পথ দুর্ঘটনাত পতিত হোৱা তিনিওগৰাকী যুৱতী মাছখোৱাস্থিত প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত মনহাৰ ছেঠৰ কমেডী শ্ব’ চাবলৈ গৈ জীৱন্তে আৰু উভতি নাহিল। পথ দুর্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যুৱতী তিনিগৰাকীয়ে ব্যৱহাৰ কৰা এ এছ ০১ জিপি-০৫৬২ নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনৰ বাঁওদিশৰ অংশ ভাঙি চুড়মাৰ হৈ যায়। যাৰ ফলত তিনিওগৰাকী যুৱতীৰ মাংসপেশীকে ধৰি শৰীৰৰ অংগ-প্রত্যংগ গাড়ীত লাগি যায় আৰু তেওঁলোকৰ কৰুণ মৃত্যু ঘটে। আনহাতে ভাগ্যক্রমে দুর্ঘটনাটোত মৃত্যুমুখৰ পৰা বাচি যায় বাহনখনৰ চালক ছামিম আহমেদ। প্রাপ্ত বাতৰি মতে দুর্ঘটনাটোত ক্ষতিগ্রস্ত ছুইফ্ট ডিজায়াৰ বাহনখন হাতীগড়ৰ দিশে ঘণ্টাত ১০০-১২০ কিলোমিটাৰ বেগেৰে তীব্ৰগতিত নাৰেংগীৰ দিশে গৈ আছিল আৰু মঠঘৰীয়াত ৰখাই থোৱা এখন ৪০৭ট্রাকত খুন্দা মাৰে। ফলত বাহনখনত থকা আকাংক্ষা শইকীয়া আৰু পূজা সাহাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আমিনা আহমেদে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্রাণত্যাগ কৰে।

দুর্ঘটনা সংঘটিত কৰাৰ পিছতে ছুইফ্ট ডিজায়াৰৰ চালক ছামিম আহমেদে চিকিৎসাৰ বাবে গেট হাস্পতালত প্ৰৱেশ কৰিছিল যদিও তেওঁ তাৰ পৰা পলাই যোৱা বুলি আৰক্ষী নিশ্চিত হৈছে। দুর্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা ছেমিম আহমেদৰ ম’বাইল ফোনৰ চুইচ অফ আছে । দুর্ঘটনাত পতিত ছুইফ্ট ডিজায়াৰ বাহনখন ধেমাজিৰ জনৈক দত্ত নামৰ এজন ব্যক্তিৰ বুলি তথ্যত প্রকাশ হৈছে। তেওঁ এটা ট্রেভেল এজেঞ্চীক গাড়ীখন ভাৰাত দিছিল। স্মৰ্তব্য যে গাড়ীখনৰ চালকৰ আসনত থকা ছেমিম আহমেদৰ ঘৰ ত্ৰিপুৰাৰ আগৰতলাত বুলি জানিব পৰা গৈছে। তেওঁ নিজকে বিল্ডাৰ হিচাপে চিনাকি দিয়ে। তেওঁ মহানগৰীৰ জয়ানগৰ অঞ্চলত ভাৰাত থাকে। ছামিম আহমেদ দুর্ঘটনাটোত নিহত আমিনা আহমেদৰ বন্ধু আছিল আৰু পূজা সাহাৰ আছিল পাতি লোৱা ভাতৃ। এই কথা সদৰী কৰিছে তিনিওগৰাকী দুৰ্ভগীয়া যুৱতীৰ একাংশ সহপাঠী আৰু বান্ধৱীয়ে। শনিবাৰে নিশা প্রায় ১১ বজাত পূজা সাহা থকা পেয়িং গেষ্টৰ পৰাই আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আমিনা ছামিম আহমেদৰ সৈতে মাছখোৱাৰ কমেডী শ্ব’ চাবলৈ অহাৰ কথা সদৰী কৰিছে পূজা সাহাৰ এগৰাকী বান্ধৱীয়ে।

তথ্য অনুসৰি আকাংক্ষা শইকীয়াই বিয়লি ভাগলৈ তেওঁৰ লখৰাৰ ভাৰাঘৰৰ পৰা পূজা সাহাৰ পেয়িং গেষ্টলৈ আহিছিল। সন্ধিয়া আকাংক্ষাই চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত থকা মাতৃৰ লগত ফোনযোগে বাৰ্তালাপত মিলিত হৈছিল। বার্তালাপত আকাংক্ষাই ৰুমত কাৰেণ্ট নাই, ম’বাইলত চার্জ নাই বুলি নিশা ১১ বজাত ঘৰলৈ শেষৰটো কল কৰিছিল। মেধাৱী ছাত্ৰী আকাংক্ষা শইকীয়াই দহ মাহ পূর্বে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত যোগদান কৰিছিল। সোণাৰি মহাবিদ্যালয়ৰ পৰা স্নাতক আকাংক্ষা মহানগৰীৰ পাণ্ডু কলেজৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ। ইফালে পূজা সাহাৰ প্ৰকৃত বাসগৃহ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ জ্যোতি নগৰত।  মৃত তৃতীয়গৰাকী যুৱতী আমিনা আহমেদৰ ঘৰ বঙাইগাঁৱৰ নোৱাপাৰত। তিনিওগৰাকী যুৱতীৰ মৃতদেহ ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গতে ৰখাৰ ব্যৱস্থা কৰা হৈছে যদিও পৰিয়ালৰ লোকে মৃতদেহ চমজি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে মহানগৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। পৰিবহণ বিভাগৰ বিষয়া-কর্মচাৰীয়েও দুর্ঘটনাগ্রস্ত বাহনখনৰ সূক্ষ্ম পর্যবেক্ষণ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বাহনখনৰ চালকৰ আসনত থকা ছামিম আহমেদৰ সন্দৰ্ভতো। দুর্ঘটনা সংঘটিত কৰি গেট হাস্পতালত চিকিৎসাৰ বাবে যোৱা চালক ছামিম আহমেদ চিকিৎসালয়খনৰ পৰাই অন্তর্ধান হোৱা বিষয়টোৱে সমগ্র দুর্ঘটনাটোক লৈ ৰহস্যৰ সৃষ্টি কৰিছে।