দেওমৰনৈত ‘আশাৰ আলোক’- মানুহে মানুহৰ বাবে—, দৰং, অসমৰ পদক্ষেপ
অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অভিনেতা, সাহিত্যিক কমিনাথ ডেকাক সম্বৰ্ধনা
অসম আন্দোলনত ১৪ বাৰ জেইলৰ ভাত খাইছিলো
জুবিন গাৰ্গৰ হত্যাত ব্যথিত হৈ এতিয়াও চকুলো টুকো
কিশোৰ কুমাৰ শৰ্মা,মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- মানৱতাবাদী সংগঠন ‘আশাৰ আলোক’- মানুহে মানুহৰ বাবে—-, দৰং, অসমৰ উদ্যোগত আজি দেওমৰনৈৰ পাতিদৰঙৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট অভিনেতা, সংগীত শিল্পী, সমাজসেৱক, জাতীয়তাবাদী ভাৱধাৰাৰ ব্যক্তি, কমিনাথ ডেকাৰ লগত এক অন্তৰংগ আলাপ অনুষ্ঠান হয়। এই অনুষ্ঠানত দেওমৰনৈৰ সাহিত্য, সংস্কৃতি, শৈক্ষিক আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃত স্বৰূপে তেওঁক ‘আশাৰ আলোক’- মানুহে মানুহৰ বাবে—-, দৰং, অসমৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সংগঠনটোৰ সাধাৰণ সম্পাদক গণেশ দত্তই আঁত ধৰা এই অনুষ্ঠানত সভাপতি হৰিচন্দ্ৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে। সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কালজয়ী ‘মানুহে মানুহৰ বাবে—‘ শীৰ্ষক গীতটিৰে দিনৰ ৩ বজাত শুভাৰম্ভ হোৱা এই সভাত সম্বৰ্ধনা গ্ৰহণ কৰি ৮৩ বছৰ বয়সীয়া কমিনাথ ডেকাই কয় যে, অসম আন্দোলনৰ সময়ত এবাৰ দুবাৰ নহয় ১৪ বাৰ জেইলৰ ভাত খাইছিলো যদিও হতাশ হোৱা নাছিলো। কিন্তু আন্দোলনৰ পিছত একাংশ নেতাৰ কাৰুকাৰ্য্যই হে মোক হতাশ কৰি তুলিছিল। এটি গীত পৰিবেশন কৰি তেওঁ লগতে জুবিন গাৰ্গৰ হত্যাৰ ৰহস্য এতিয়াও ধূসৰ হৈ থকাত ক্ষোভ প্ৰকাশ কৰি কয়- জুবিন আছিল আমাৰ এক অমূল্য সম্পদ। এই সম্পদ হেৰুৱাই ব্যথিত হৈছো। এতিয়াও নীৰৱে চকুলো টুকি থাকো।’ তেওঁ লগতে দেওমৰনৈ অঞ্চলৰ অতীতৰ সমাজ জীৱনৰ ছবি বক্তব্যত দাঙি ধৰে। অনুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, ডাঃ দেবেন শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক বাসব চন্দ্ৰ ডেকা, মৌজাদাৰ বিনয় কুমাৰ বৰুৱা, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মতিৰাম শইকীয়া, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুলেন্দ্ৰ চহৰীয়া, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দীপামণি কুমাৰ, দেওমৰনৈ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন গোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, অভিনেতা অভয় চৰণ ডেকা, কোষাধ্যক্ষ গোলোক বৰাই কমিনাথ ডেকাৰ ‘জীৱন আৰু কৃতি’ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। শিশু শিল্পী আৰাধ্য কাশ্যপ, ৰাজনন্দিনী কাশ্যপ, প্ৰিয়দৰ্শিনী কাশ্যপ, দেৱাংক্ষী কাশ্যপ, মান্যতা কাশ্যপে গীত পৰিবেশন কৰা এই অনুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ উপসভাপতি কুঞ্জ দেৱী, বিশিষ্ট অভিনেত্ৰী মীৰা দত্ত চৌধুৰী আদিয়ে অভিনয় প্ৰদৰ্শন কৰি সকলোকে মোহাচ্ছন্ন কৰে। অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।
